বহুতে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰে ৷ এয়া এনে এক মানসিক অৱস্থা য’ত মেজাজৰ পৰিৱৰ্তন ঘটে ৷ বাইপোলাৰ ডিছঅৰ্ডাৰৰ ক্ষেত্ৰতো এনে হোৱা দেখা যায় ৷ এই সময়ছোৱাত ব্যক্তিগৰাকীৰ মেজাজ দুটা বিপৰীত অৱস্থালৈ সলনি হৈ পৰে ৷
শেহতীয়াকৈ পাঞ্জাবী গায়িকা তথা ৰেপাৰ হানী সিঙৰ মানসিক স্বাস্থ্যৰ সৈতে জড়িত বিষয়সমূহে যথেষ্ট চৰ্চা আকৰ্ষণ কৰিছে ৷ এটি সাক্ষাৎকাৰৰ সময়ত তেওঁ নিজৰ স্বাস্থ্যৰ লগত জড়িত বহু কথাই জানিবলৈ দিয়ে যে কেনেকৈ তেওঁ বাইপোলাৰ ডিছঅৰ্ডাৰত ভুগি আছিল আৰু তেওঁ বহু বছৰ ধৰি এই ৰোগৰ সৈতে যুঁজি আছিল ৷ এনে পৰিস্থিতিত এই ৰোগৰ বিষয়ে জনাটো অতিকৈ প্ৰয়োজনীয় ৷
বাইপোলাৰ ডিছঅৰ্ডাৰ মানে কি ?
বাইপোলাৰ ডিছঅৰ্ডাৰ হৈছে এনে এক প্ৰকাৰৰ মানসিক বিকাৰ, য’ত ব্যক্তিৰ মেজাজৰ উঠা-নমা ঘটে ৷ এই ৰোগত কেতিয়াবা এজন ব্যক্তিয়ে অতি উত্তেজিত আৰু শক্তিশালী অনুভৱ কৰে আৰু কেতিয়াবা বিষণ্ণতালৈ যায় ৷ এই দুটা অৱস্থাক উন্মাদনা আৰু বিষণ্ণতা বোলা হয় ৷
উন্মাদনা:উন্মাদনাৰ অৱস্থাত এজন ব্যক্তিয়ে অধিক উত্তেজিত, শক্তিশালী আৰু অতি আত্মবিশ্বাসী অনুভৱ কৰে ৷ তেওঁ কমকৈ টোপনি যায়, অধিক কথা কয় আৰু প্ৰায়ে দুঃসাহসিক কাম কৰিবলৈ আৰম্ভ কৰে ৷
হতাশা: হতাশাৰ অৱস্থাত ব্যক্তিয়ে দুখ, হতাশা, অস্থিৰতা আৰু অৱসাদ অনুভৱ কৰে ৷ তেওঁৰ একো কৰিবলৈ মন নাযায় আৰু প্ৰায়ে অকলে থকাটোৱেই বেছি পছন্দ কৰে ৷