আখৰোটৰ নাম শুনাৰ লগে লগে মগজু চোকা হোৱাৰ কথাই প্ৰথমে আমাৰ মনলৈ আহে, কিন্তু স্বাস্থ্যৰ বাবেও এই সুস্বাদু শুকান ফলবিধ কিমান উপকাৰী জানেনে ? হয়, আখৰোটত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে, যিয়ে আমাৰ শৰীৰৰ বহু দিশত উপকাৰিতা সাধন কৰে ।
আখৰোটক শুকান ফলৰ ৰজা বুলিও কোৱা হয়, যাক কেৱল সুস্বাদু নহয়, স্বাস্থ্যৰ বাবেও অতি উপকাৰী বুলি গণ্য কৰা হয় । নিয়মিতভাৱে আখৰোট সেৱন কৰিলে আপুনি বহুতো স্বাস্থ্যজনিত সমস্যাৰ পৰা হাত সাৰিব পাৰে আৰু স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে । তেন্তে আহক আখৰোটৰ এনে কিছুমান উপকাৰিতাৰ বিষয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক-
হৃদযন্ত্ৰৰ স্বাস্থ্য সুৰক্ষা
আখৰোটত থকা ওমেগা-৩ ফেটি এচিড, প্লান্ট ষ্টেৰল আৰু এল-আৰ্জিনিনৰ দৰে পুষ্টিকৰ উপাদানে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে । এই উপাদানসমূহে কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ কেৱল এয়াই নহয় ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ লগতে ৰক্তবাহী নলী সুস্থ কৰি ৰখাত সহায় কৰে, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস পায় ।
মগজুৰ শক্তি বৃদ্ধি কৰে
আখৰোটত থকা ভিটামিন ই, ফছফৰাছ আৰু এন্টিঅক্সিডেন্টে মগজুৰ কোষক সুৰক্ষা প্ৰদান কৰে আৰু স্মৃতিশক্তি শক্তিশালী কৰে । লগতে আখৰোটত পোৱা ওমেগা-৩ ফেটি এচিডে মগজুৰ বিকাশ আৰু কাৰ্যক্ষমতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, যাৰ ফলত শিক্ষণ ক্ষমতা আৰু একাগ্ৰতা বৃদ্ধি পায় ।
ডায়েবেটিছ নিয়ন্ত্ৰণত সহায়ক
আখৰোটত থকা আঁহ আৰু স্বাস্থ্যকৰ চৰ্বে শৰীৰত ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে, যাৰ ফলত ডায়েবেটিছ ৰোগীৰ বাবেও ই উপকাৰী । ইয়াৰ উপৰিও আখৰোটে ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে, যাৰ ফলত শৰীৰে ইনচুলিন ভালদৰে ব্যৱহাৰ কৰিবলৈ সক্ষম হয় ।