গুৱাহাটী, 23 জানুৱাৰী: জলবায়ু পৰিৱৰ্তনৰ বাবে শিশুসকল ভিন্ন ৰোগত আক্রান্ত হোৱা দেখা যায় ৷ তাৰে ভিতৰত অন্যতম হৈছে জ্বৰ-চৰ্দি ৷ যিসকল শিশুৰ প্ৰৱণতা থাকে তেওঁলোকৰ অকমান ঠাণ্ডা পালেই এই জ্বৰ-চৰ্দি অকণমান বেছিকৈ হয় ৷ আনহাতে ক‘ভিডৰ পিচৰে পৰা এইসমূহ ভাইৰেল জ্বৰ বেছিকৈ হোৱা দেখা গৈছে ৷
জ্যেষ্ঠসকলতকৈ শিশুসকলৰ ইমিউনিটি কম, সেইবাবে শিশুসকল সহজে এইসমূহৰ ৰোগত আক্রান্ত হোৱা দেখা যায় ৷ সেয়ে এই সময়ছোৱাত শিশুসকলৰ স্বাস্থ্যৰ যতন লোৱাটো অতি আৱশ্যক ৷ এই সময়ছোৱাত শিশুসকলক গৰম কাপোৰ পৰিধান কৰাই ৰাখিব লাগে ৷
ইয়াৰোপৰি যদিহে শিশুটিৰ জ্বৰ, চৰ্দি বা কাঁহ হৈছে তেনেহ’লে পৰ্যাপ্ত পৰিমাণে পানীয়া খাদ্য খুৱাব লাগে ৷ যেনে-কুহুমীয়া গৰম পানী, ফলৰ ৰস আদি খুৱাব পাৰে ৷ জ্বৰৰ বাবে পেৰাচিটেমল খুওৱাব পাৰে ৷ যদিহে চৰ্দি-কাহ ৪-৫ দিনৰ ভিতৰত নকমে ৷ তেন্তে অনতি পলমে শিশু বিশেষজ্ঞৰ ওচৰত লৈ যাব ৷