অসম

assam

ETV Bharat / health

শৰীৰৰ বহু সমস্যা দূৰ কৰিব পৰা ৬-৬-৬ ৰুটিন দৰাচলতে হয় কি ? - HEALTH TIPS

ব্যস্ততাৰে ভৰা এই জীৱনত মানুহে নিজৰ শৰীৰৰ যত্ন ল’বলৈ সময় নাপায় ফলত শৰীৰত নানান সমস্যাই দেখা দিয়ে তেন্তে ইয়াৰ পৰা কেনেকৈ বাচি থাকিব পাৰি ?

What are of Benefits Of 6-6-6 walking routine ?
শৰীৰৰ বহু সমস্যা দূৰ কৰিব পৰা ৬-৬-৬ ৰুটিন দৰাচলতে হয় কি ? (ETV Bharat)

By ETV Bharat Health Team

Published : Feb 19, 2025, 1:16 PM IST

সময়ৰ লগে লগে মানুহৰ অভ্যাসৰ ক্ষেত্ৰতো বহু পৰিৱৰ্তন দেখা গৈছে ৷ ৯ৰ পৰা ৬টালৈ ডেস্কত বহি কাম কৰা লোকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ৷ এনে পৰিস্থিতিত মানুহে নিজৰ শৰীৰতকৈ নিজৰ কেৰিয়াৰত বেছি গুৰুত্ব দিয়ে ৷ এই কাৰণেই আজিৰ দিনত মেদবহুলতা তেনেই এক সাধাৰণ সমস্যা হৈ পৰিছে ৷ ইয়াৰ উপৰিও প্ৰতিটো বয়সৰ লোকৰ মাজত জাংক ফুডৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা উন্মাদনাই তেওঁলোকক শকত কৰাত অৰিহণা যোগাইছে ৷ এনে পৰিস্থিতিত বিশেষজ্ঞসকলে কয় যে, পুৱা কিছু সময় উলিয়াই অকণমান সময় ব্যায়াম কৰিলে বহু সমস্যাৰ পৰা নিজকে ৰক্ষা কৰিব পৰা যায় ৷

সেয়ে এনে ক্ষেত্ৰত বৰ্তমান সামাজিক মাধ্যমত খুবেই চৰ্চিত হোৱা ৬-৬-৬ ৰুটিন আপুনিও অনুসৰণ কৰি চাব পাৰে যিয়ে আপোনাক এটি সুস্থ শৰীৰ প্ৰদান কৰাৰ লগতে আপোনাৰ দেহৰ পৰা মেদবহুলতা, ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ আদি সাধাৰণ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰতো অতিকৈ ফলপ্ৰসূ ৷ এই ৰুটিনে আপোনাৰ শাৰীৰিক স্বাস্থ্য উন্নত কৰাই নহয়, মানসিক শান্তি আৰু সামগ্ৰিক জীৱনশৈলী উন্নত কৰাতো সহায় কৰে ৷ এই ৰুটিনৰ সুফল আৰু ইয়াক আমাৰ দৈনন্দিন জীৱনত কেনেদৰে অন্তৰ্ভুক্ত কৰিব পাৰি জানো আহক-

৬-৬-৬ খোজ কঢ়াৰ ৰুটিন দৰাচলতে হয় কি ?

বিভিন্ন ধৰণৰ সক্ৰিয় ৰুটিন বৰ্তমানৰ যুৱক-যুৱতীসকলৰ মাজত যথেষ্ট জনপ্ৰিয় ৷ ইয়াৰ উপৰিও ইয়াত ৬-৬-৬ ৰুটিনে আমাৰ শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰে ৷ এই ৰুটিনত ব্যক্তিজনে সাত দিনৰ পৰিৱৰ্তে সপ্তাহৰ ৬ দিনৰ বাবেহে খোজ কাঢ়িলে হয় ৷ কিন্তু, প্ৰতিদিনে ৬ কিলোমিটাৰ আৰু নিৰ্দিষ্ট সময়ত পুৱা ৬ বজাত এই খোজকঢ়াৰ অভ্যাসটো মানি চলাটো যোৱাটো বাঞ্ছনীয় ৷ খোজ কঢ়াৰ পূৰ্বে ৬০ মিনিট সম্পূৰ্ণ হোৱাৰ পূৰ্বে ৬ মিনিটৰ ৱাৰ্ম আপ আৰু কুল ডাউন কৰক ৷ ইয়াৰ ফলত সমগ্ৰ শৰীৰৰ ব্যায়াম হয় আৰু মেদবহুলতা আৰু অন্যান্য সমস্যা নিয়ন্ত্ৰণত থাকে ৷

৬-৬-৬ খোজ কঢ়াৰ ৰুটিনৰ উপকাৰিতা ?

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি

নিয়মিত খোজ কঢ়াৰ ফলত হৃদযন্ত্ৰ শক্তিশালী হয় আৰু ৰক্ত সঞ্চালন উন্নত হয় ৷ ই হৃদৰোগ যেনে উচ্চ ৰক্তচাপ, ষ্ট্ৰোক আৰু...হাৰ্ট এটাকৰ আশংকা হ্ৰাস কৰাত সহায় কৰে ৷

মেদবহুলতা নিয়ন্ত্ৰণ কৰে

যদি আপুনি ওজন কমাব বিচাৰে তেন্তে এই ৰুটিন আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ ৬ কিলোমিটাৰ খোজ কাঢ়িলে শৰীৰৰ অতিৰিক্ত কেলৰি বাৰ্ণ হোৱাৰ লগতে চৰ্বি কম কৰাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰ হয় ৷

মানসিক স্বাস্থ্য উন্নত হোৱা

খোজ কাঢ়িলে মগজুত এণ্ড’ৰ্ফিন হৰম’ন নিৰ্গত হয়, যিয়ে মানসিক চাপ আৰু হতাশা হ্ৰাস কৰাত সহায় কৰে ৷ এই ৰুটিন গ্ৰহণ কৰিলে আপুনি গোটেই দিনটো শক্তিশালী অনুভৱ কৰিব ৷

পাচনতন্ত্ৰ শক্তিশালী কৰে

পুৱা বা সন্ধিয়া খোজ কাঢ়িলে হজম শক্তি উন্নত কৰাত সহায় কৰে ৷ ই গেছ, কোষ্ঠকাঠিন্য আৰু বদহজমৰ দৰে সমস্যা দূৰ কৰে আৰু বিপাকীয় ক্ৰিয়া ক্ষীপ্ৰ কৰে ৷ ইয়াৰ ফলত শৰীৰত মেদবহুলতা বৃদ্ধি নহয় ৷

হাড় আৰু গাঁঠিৰ বাবে উপকাৰী

নিয়মিতভাৱে ৬ কিলোমিটাৰ খোজ কঢ়াৰ অভ্যাস কৰিলে হাড় শক্তিশালী হয় আৰু বাতবিষৰ দৰে ৰোগৰ সম্ভাৱনা হ্ৰাস পায় ৷ ই গাঁঠিৰ গতি বজাই ৰখাৰ লগতে জঠৰতা দূৰ কৰাত সহায় কৰে ৷

৬-৬-৬ খোজ কঢ়াৰ নিয়ম কেনেকৈ মানি চলিব ?

৬-৬-৬ খোজ কঢ়াৰ এই নিয়ম অনুসৰণ কৰিলে কেৱল ই আপোনাৰ শৰীৰক ফিট আৰু সক্ৰিয় কৰি ৰখাই নহয়, মানসিকভাৱেও সুষম আৰু সুস্থ কৰি ৰাখে । এইটো এটা সহজ আৰু ফলপ্ৰসূ উপায় আপোনাৰ জীৱনশৈলীত স্বাস্থ্যসন্মত অভ্যাসসমূহ অন্তৰ্ভুক্ত কৰিবলৈ । যদি আপুনি উন্নত স্বাস্থ্য আৰু এটি সুস্থ জীৱন বিচাৰে তেন্তে আজিয়েই এই খোজ কঢ়াৰ নিয়ম গ্ৰহণ কৰক । প্ৰথম অৱস্থাত অলপ অলপকৈ খোজ কাঢ়িবলৈ আৰম্ভ কৰিব পাৰে ।

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

  1. এলাহ-ভাগৰ-ক্লান্তি দূৰ কৰাৰ এই প্ৰাকৃতিক উপায় আজিয়েই জানি লওক
  2. পুৱা নে সন্ধিয়া কোনটো সময়ত খোজ কঢ়াটো শৰীৰৰ বাবে ভাল ?
  3. খোজ কেই প্ৰকাৰৰ জানেনে ? আমাৰ শৰীৰৰ বাবে কোন প্ৰকাৰৰ খোজ উপকাৰী

ABOUT THE AUTHOR

...view details