আপুনি নিশ্চয় বহুবাৰ ইনচুলিনৰ নাম শুনিছে, এইটোৱেই হৈছে সেই হৰম’ন যিটো ডায়েবেটিছৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ৷ কিন্তু ইনচুলিনে আপোনাৰ বাবে কি কৰিব পাৰে জানেনে ? ডাঃ মনন ভোৰাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ৰ জৰিয়তে এই হৰম’নে আমাৰ বাবে কিমান সমস্যাৰ সৃষ্টি কৰিব পাৰে সেই কথা জানিবলৈ দিয়ে ৷
ইনচুলিনৰ বিপদ
ডাঃ মনন ভোহৰাই কয় যে, "আপোনাৰ শৰীৰত হঠাৎ ওজন বৃদ্ধি বা ওজন কমি যোৱা এটা হৰম'নৰ ফলত হয়, যিয়ে এটা সমস্যা সমাধান কৰি আন এটা সমস্যাৰ সৃষ্টি কৰে ৷ হয়, মই ইনচুলিনৰ কথাই কৈছোঁ ৷ ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে, কিন্তু ই চৰ্বি সংৰক্ষণতো প্ৰভাৱ পেলায় আৰু যেতিয়া শৰীৰত ইনচুলিনৰ মাত্ৰা বেছি হয়, তেতিয়া শৰীৰত চৰ্বিৰ পৰিমাণ বৃদ্ধি পায় ৷
ইনচুলিন বৃদ্ধিৰ কাৰণ
ইনচুলিনৰ মাত্ৰা অধিক হোৱাৰ বাবে ভোক বাঢ়ি যায় আৰু চেনিৰ প্ৰতি লোভো বাঢ়ি যায় ৷ কেৱল এয়াই নহয়, যদি এই হৰম’ন বাঢ়ি যায় তেতিয়া বহু ৰোগৰ আশংকাও উদ্ভৱ হয়, যেনে হৃদৰোগ, পিত্তথলীৰ সমস্যা আৰু উদ্বেগ আদি ৷ ইনচুলিন বৃদ্ধিৰ বহু কাৰণ হ’ব পাৰে, যেনে-
১/ ইনচুলিন প্ৰতিৰোধ ক্ষমতা
২/ ট্ৰাইগ্লিচাৰাইড
৩/উচ্চ ইউৰিক এচিড