হাঁহিয়ে আমাৰ জীৱনটো সুন্দৰকৈ উপভোগ কৰাত বহুখিনি অৰিহনা যোগায় ৷ হাঁহিলে মন-প্ৰাণ প্ৰফুল্লিত হয় ৷ প্ৰকৃততে, শৰীৰটো ভালে ৰখাতো হাঁহিয়ে ঔষধৰ দৰে কাম কৰে ৷ কিন্তু আজিৰ ব্যস্ততাপূৰ্ণ জীৱনত আমিবোৰে ভালকৈ হাঁহিবলৈ পাহৰি যোৱাৰ দৰেই হৈছে ৷ শেহতীয়া এক অধ্যয়নত প্ৰমাণ হোৱা মতে, প্ৰিয়জনৰ সৈতে মন খুলি ডাঙৰকৈ হাঁহিলে ই আমাক বহু শাৰীৰিক সমস্যাৰ পৰা সুৰক্ষিত কৰি ৰাখে ৷ প্ৰিয়জনৰ সৈতে ভালকৈ হাঁহিলে আমাৰ শৰীৰৰ কি কি উপকাৰ হয়, আজি জানো আহক-
পেশী উদ্দীপিত কৰে
হাঁহিলে অক্সিজেনসমৃদ্ধ বায়ু গ্ৰহণ কৰাত সহায় হয় ৷ যাৰ ফলত হৃদযন্ত্ৰ, হাঁওফাঁও আৰু পেশী উদ্দীপিত হয় ৷ তদুপৰি, হাঁহিলে এণ্ডোৰ্ফিন হ'ৰমন মুকলি কৰাতো ই সহায়ক ৷ যিয়ে আমাৰ মনোভাৱ উন্নত কৰাত সহায় কৰে ৷
চাপ উপশম
আপোনজনৰ লগত প্ৰাণখুলি হাঁহিলে চাপ আৰু উদ্বিগ্নতাও হ্ৰাস হয় ৷ হাঁহিয়ে হৃদস্পন্দনৰ হাৰ আৰু ৰক্তচাপো নিয়ন্ত্ৰণ কৰিব পাৰে ৷ যিয়ে আমাক শিথিল অনুভৱ কৰায় ৷