আপুনি আইচক্ৰীম খাই ভাল পাই নেকি ? তেন্তে আপোনাৰ বাবে বেয়া খবৰ ৷ আপুনি যদি অনলাইনত খাদ্য সামগ্ৰী ক্ৰয় কৰে, তেন্তে এতিয়াৰে পৰা সাৱধান হঁওক । আইচক্ৰীম খোৱাৰ আগতে ভালদৰে চাই লওক আইচক্ৰীমটো ৷ ভাৱকচোন আপুনি খাবলৈ লোৱা আইচক্ৰীমত মানুহৰ দেহৰ অংগ পাইছে, কেনে লাগিব আপোনাৰ ? কিন্তু এনে এক ঘটনাই সম্প্ৰতি পোহৰলৈ আহিছে ৷
সাৱধান! আইচক্ৰীমৰ ভিতৰত ওলাল মানুহৰ কটা আঙুলি... (ETV Bharat) সুস্বাদু আইচক্ৰীমত ওলাইছে মানুহৰ হাতৰ কটা আঙুলি ৷ হয়, আপুনি ঠিকেই শুনিছে ৷ এই বাতৰি সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে ৷ ঘটনাটো আছিল এনেধৰণৰ-
এজন লোকে অনলাইনৰ জৰিয়তে অৰ্ডাৰ দিছিল বাটাৰ স্কচ আইচক্ৰীম ক’ন । লোকজন আছিল এমবিবিএছৰ চিকিৎসক ব্ৰেণ্ডন ফেৰাও ৷ কিছু সময় পিচতেই ডেলিভাৰী বয়ে দি গ’ল অৰ্ডাৰ কৰা আইচক্ৰীমটো ৷ কিন্তু যেতিয়া লোকজনে পেকেট খুলি আইচক্ৰীমটো খায় ৷ আইচক্ৰীম খাই থাকোঁতে প্ৰায় দুই চেণ্টিমিটাৰ দীঘল কিছু টান এটি অৱশিষ্ট মুখত আহে তেওঁৰ ।
প্ৰথমতে তেওঁ সেয়া আইচক্ৰীমৰ ভিতৰত থকা চকলেটৰ টুকুৰা বুলি ভাবিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত চিকিৎসক ব্ৰেণ্ডন ফেৰাওৱে ভালদৰে আইচক্ৰীমটো পৰীক্ষা কৰাত তেওঁ আচৰিত হৈ পৰে ৷ কিয়নো আইচক্ৰীমটো খাওঁতে প্ৰথমে তেওঁৰ মুখত যোৱা টুকুৰাটো চকলেটৰ অংশ নাছিল; আছিল মানুহৰ হাতৰ কটা আঙুলিহে ৷
এই দৃশ্য দেখাৰ লগে লগে ব্ৰেণ্ডনে ভয়ত চিঞৰি উঠে ৷ পিচত ব্ৰেণ্ডনে ভাবিলে যে তেওঁৰ লগত কোনোৱাই হয়তো ধেমালি কৰিছে বা তেওঁৰ ভুল হ’ব পাৰে ৷ সেয়ে পুনৰ এবাৰ তেওঁ আইচক্ৰীমটো পৰীক্ষা কৰিলে ৷ তেতিয়া স্পষ্ট হ’ল যে যি দেখিছে সেয়া সঁচা ৷
আইচক্ৰীমটোত আছিল ২ ছেন্টিমিটাৰ দীঘল এটা হাতৰ আঙুলি ৷ ইয়াৰ পিচত ব্ৰেণ্ডনে আৰু পলম নকৰি আঙুলিটোৰ অৱশিষ্ট প্ৰকৃততে মানুহৰ আঙুলি বুলি সন্দেহ কৰি মালাড থানাত এখন এজাহাৰ দাখিল কৰে । ইয়াৰ পিচত লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয় আৰু মানুহৰ আঙুলিৰ সৈতে আইচক্ৰীমটো পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷
পিচত লোকজনৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ইয়াম্মো আইচক্ৰীম কোম্পানীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে ৷ আৰক্ষীয়ে জনোৱা মতে, আইচক্ৰীম আৰু মানুহৰ আঙুলি এতিয়া ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ আঙুলিটো পুৰুষৰ নে মহিলাৰ সেই সম্পৰ্কে এতিয়াও একো জানিব পৰা হোৱা নাই ৷ প্ৰতিবেদন অহাৰ পিচত সকলো স্পষ্ট হৈ পৰিব ৷
এই ঘটনা সম্প্ৰতি অঞ্চলটোত চৰ্চাৰ বিষয় হৈ পৰিছে ৷ বিভিন্ন সময়ত মানুহে ৰেষ্টুৰা বা হোটেলৰ খাদ্যত জেঠী, নিগনি আৰু অন্যান্য পোক-পৰুৱা আদি পোৱা বাতৰি পোহৰলৈ আহিছিল ৷ কিন্তু মানুহৰ শৰীৰৰ অংগ পোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
এই আইচক্ৰীমত মানুহৰ আঙুলি পোৱা ফটো ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ জানিব পৰা মতে Yummo Ice Cream এটা প্ৰখ্যাত ব্ৰেণ্ড ৷ এই প্ৰখ্যাত ব্ৰেণ্ডৰ আইচক্ৰীত কেনেকৈ মানুহৰ আঙুলি আহিব পাৰে সেইলৈহে প্ৰশ্নৰ উত্থাপন হৈছে ৷
গাৰ নোম শিয়ৰি উঠা এই ঘটনাই সম্প্ৰতি আৰক্ষীকো আচৰিত কৰি তুলিছে ৷ এতিয়া প্ৰশ্ন হয় যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব ৷
লগতে পঢ়ক:বজাৰৰ আইচক্ৰীমে আপোনাক কৰিব পাৰে ৰুগীয়া; ঘৰতে কম খৰচতে প্ৰস্তুত কৰক আইচক্ৰীম - Homemade Ice Cream Recipe