অসম

assam

আজিৰ কাম কাইলৈ কৰিম বুলি ভবাৰ প্ৰৱণতাৰ ফলত যে স্বাস্থ্যৰো লোকচান হয় সেয়া আপুনি জানেনে ? - Procrastination

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 3:19 PM IST

Procrastination: কাইলৈৰ বাবে প্ৰতিটো কাম পিছুৱাই দিয়াৰ অভ্যাস আপোনাৰো আছে নেকি ? যদি হয়, তেন্তে আপুনি এইটোও জানেনে যে এই অভ্যাসে কেৱল আপোনাৰ উৎপাদনশীলতাতে নহয়, আপোনাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে ! আজি আমি এই বিষয়ে জানিবলৈ চেষ্টা কৰো আহক-

Procrastination: The habit of putting off every task until tomorrow can become a problem
আজিৰ কাম কাইলৈ কৰিম বুলি ভাবি এৰি দিয়ে নেকি ? ইয়াৰ ফলত হ’ব পৰা স্বাস্থ্যৰ লোকচানৰ বিষয়ে প্ৰথমে জানি লওক (FREEPIK)

দৈনন্দিন জীৱনত বহুতৰে মাজত এটা ভাৱধাৰা আছে যে, আজি মন যোৱা নাই আজিৰ কামখিনি কাইলৈ কৰিম, বাদ দিয়াহে আজি নকৰিলে কি হ’ব কাইলৈ কৰিম অলপ সময় মোবাইলটোকে চাও....ইত্যাদি ক'ত কি... ৷ মনোৰোগ বিশেষজ্ঞসকলৰ মতে ইয়াক প্ৰক্ৰেষ্টিনেচন অৰ্থাৎ কোনো কামৰ বাবে হেমাহি কৰা বা বিলম্ব কৰা বুলিও কোৱা হয় ৷

এইবোৰ কাৰণত আমি আমাৰ কামবোৰ পিচলৈ ঠেলি দিও (FREEPIK)

ই এক অভ্যাস হিচাপে বহুতৰে মাজত গঢ় লৈ উঠে, ই কেৱল ব্যক্তিজনৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলোৱাই নহয় বৰঞ্চ তেওঁৰ কাম কৰাৰ ক্ষমতা, তেওঁৰ উৎপাদনশীলতা আৰু তেওঁৰ সামাজিক আৰু পাৰিবাৰিক জীৱনতো ইয়াৰ প্ৰভাৱ পেলাব পাৰে ৷ কিন্তু এই প্ৰক্ৰেষ্টিনেচনে কেনেদৰে আমাৰ জীৱনত প্ৰভাৱ পেলাব পাৰে বা সঁচাকৈয়ে ইয়াৰ ফলত আমাৰ কোনো স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে নেকি আজি এই প্ৰতিবেদনৰ জৰিয়তে দিল্লীৰ মনোবিজ্ঞানী ডাঃ ৰীণা দত্তৰ পৰা জানিবলৈ চেষ্টা কৰো আহক-

কি হয় প্ৰক্ৰেষ্টিনেচন ?

দিল্লীৰ মনোবিজ্ঞানী ডাঃ ৰীনা দত্তই (পি এইচ ডি) কৈছে যে, কাইলৈৰ বাবে প্ৰতিটো কাম পিছুৱাই দিয়া বা হেমাহি কৰাৰ অভ্যাস বহু লোকৰ মাজত দেখা যায় যাক ইংৰাজী ভাষাত প্ৰক্ৰেষ্টিনেচন বুলি কোৱা হয় ৷ কিছুমানে কেতিয়াবা এলাহ বা আন কোনো কাৰণত আজিৰ কাম কাইলৈৰ বাবে পিছুৱাই দিয়ে, কিন্তু কিছুমান মানুহৰ ক্ষেত্ৰত ই অভ্যাস হিচাপে গঢ় লৈ উঠিবলৈ আৰম্ভ কৰে ৷ এনে পৰিস্থিতিত মানুহে সদায় প্ৰতিটো কাম কাইলৈ ​​বা পিচত কৰিম বুলি ভাবি থৈ দিয়ে ৷

এইবোৰ কাৰণত আমি আমাৰ কামবোৰ পিচলৈ ঠেলি দিও (FREEPIK)

তেওঁ কয় যে, এই অভ্যাসক বহুতে এলাহ বুলি কয় ৷ এলাহ প্ৰক্ৰেষ্টিনেচনৰ কাৰণ হ’ব পাৰে, কিন্তু ই এলাহৰ পৰ্যায় নহয় ৷ কাৰণ এই প্ৰৱণতাত মানুহে কাম কৰিব বিচাৰে কিন্তু হেমাহি, কাম নকৰাৰ ইচ্ছা, কোনো ধৰণৰ ভয় বা আন কাৰণত কামটো পিছুৱাই থাকে ৷

প্ৰক্ৰেষ্টিনেচনৰ কাৰণ

তেওঁ কয় যে, বহু কাৰণেই প্ৰক্ৰেষ্টিনেচন অৰ্থাৎ হেমাহিৰ বাবে দায়ী হ’ব পাৰে ৷ এলাহৰ বাহিৰেও কাম বা তাৰ বিফলতাৰ ভয়, আত্মসন্দেহ আৰু কামৰ জটিলতা, কাম বিৰক্তিকৰ হোৱা অৰ্থাৎ অসহ্যকৰ লগা বা কাম নকৰাৰ ইচ্ছা ইত্যাদি ৷ এই সকলোবোৰ কাৰকৰ বাহিৰেও ব্যক্তিজনৰ আচৰণগত সমস্যা যেনে আত্ম-অনুশাসনৰ অভাৱ আৰু সময় ব্যৱস্থাপনাৰ দক্ষতাৰ অভাৱো প্ৰক্ৰেষ্টিনেচনৰ বাবে দায়ী হ’ব পাৰে ৷

এইবোৰ কাৰণত আমি আমাৰ কামবোৰ পিচলৈ ঠেলি দিও (FREEPIK)

ইয়াৰ বাহিৰেও ইণ্টাৰনেট, ছ’চিয়েল মিডিয়া বা ৰিল ইত্যাদি চাই অত্যধিক সময় নষ্ট কৰাৰ বাবে আজিকালি মানুহৰ মাজতো প্ৰক্ৰেষ্টিনেচনৰ সমস্যা দেখা যায় ৷ দৰাচলতে ছ’চিয়েল মিডিয়াত বেছি সময় কটোৱাটোৱে কেতিয়াবা মানুহক আসক্ত কৰি তোলে ৷ একে সময়তে মানুহে ইয়াৰ অপকাৰিতাৰ কথা জানিও ইয়াৰ পৰা আঁতৰি থাকিব নোৱাৰে আৰু তেওঁলোকৰ বাবেই তেওঁলোকে নিজৰ গুৰুত্বপূৰ্ণ কামবোৰো পলম কৰিবলৈ আৰম্ভ কৰে ৷

জীৱনত কেনে প্ৰভাৱ পৰে

তেওঁ কয় যে, সাধাৰণতে হেমাহিয়ে মানুহৰ মানসিক চাপ আৰু উদ্বেগৰ লগতে আন বহুতো স্বাস্থ্যজনিত, আচৰণ, সামাজিক, পাৰিবাৰিক আৰু আৰ্থিক সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ ইয়াৰ প্ৰভাৱে তেওঁলোকৰ ব্যক্তিত্বতো প্ৰভাৱ পেলাব পাৰে ৷ এই আচৰণ যে, এক অভ্যাসত পৰিণত হৈছে আৰু সময়মতে ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ চেষ্টা কৰিব লাগে ৷

এইবোৰ কাৰণত আমি আমাৰ কামবোৰ পিচলৈ ঠেলি দিও (FREEPIK)

বিলম্ব কৰিলে ব্যক্তিৰ স্বাস্থ্য আৰু জীৱনত বহুতো নেতিবাচক প্ৰভাৱ পৰিব পাৰে, ইয়াৰে কিছুমান তলত দিয়া ধৰণৰ-

  • প্ৰতিটো কাম পিছুৱাই দিয়াৰ অভ্যাসে এজন ব্যক্তিৰ দক্ষতাত নেতিবাচক প্ৰভাৱ পেলাব পাৰে ৷ ইয়াৰ উপৰিও ই ব্যক্তিজনৰ উৎপাদনশীলতা হ্ৰাস কৰাই নহয়, তেওঁৰ কামৰ মানদণ্ডতো প্ৰভাৱ পেলায় ৷ যাৰ বাবে ব্যক্তিজনৰ বিশ্বাসযোগ্যতা আৰু ভাবমূৰ্তিও নষ্ট হ’ব পাৰে ৷
    এইবোৰ কাৰণত আমি আমাৰ কামবোৰ পিচলৈ ঠেলি দিও (FREEPIK)
  • যদি কোনো ব্যক্তিয়ে নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ পিছুৱাই দি থাকে তেন্তে সেই কামবোৰ যে তেওঁৰ মনৰ পৰা ওলাই যায় বা পাহৰি যায় এনে নহয় ৷ বৰঞ্চ কামটো সময়মতে কৰা আৰু তাৰ সময়সীমা আছে বুলি এই চিন্তা সদায় তেওঁলোকৰ মনত ঘূৰি থাকে ৷ যাৰ বাবে তেওঁলোকৰ মাজত মানসিক চাপ বাঢ়ি যায় ৷ ইয়াৰ ফলত ব্যক্তিগৰাকী মানসিকভাৱেও ভাগৰুৱা হৈ পৰে ৷ এনে পৰিস্থিতিত সময়মতে কাম নকৰাৰ ফলত অস্থিৰতা, মানসিক চাপ আৰু উদ্বেগ বৃদ্ধি পায় ৷ দীৰ্ঘদিনলৈ বিলম্ব কৰিলেও হতাশা আৰু অন্যান্য মানসিক স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷
  • কাম সময়মতে সম্পূৰ্ণ নহ’লে কৰ্মৰ সমস্যা, আত্মনিৰীক্ষণ আৰু মানুহৰ খঙাল আচৰণে এজন ব্যক্তিৰ আত্মবিশ্বাসত প্ৰভাৱ পেলায় আৰু তেওঁৰ আত্মসন্মানো কমি যায় ৷ যিয়ে কেতিয়াবা অপৰাধবোধ, আত্মসন্দেহ আৰু হতাশাৰ সৃষ্টি কৰিব পাৰে ৷
    এইবোৰ কাৰণত আমি আমাৰ কামবোৰ পিচলৈ ঠেলি দিও (FREEPIK)
  • হেমাহি কৰাৰ অভ্যাসে ব্যক্তিগত আৰু পেছাদাৰী সম্পৰ্কতো প্ৰভাৱ পেলায় ৷ সময়মতে কাম সম্পূৰ্ণ নকৰিলে সহকৰ্মী আৰু পৰিয়ালৰ সদস্যৰ লগত মতানৈক্যৰ সৃষ্টি হ’ব পাৰে ৷ যাৰ বাবে সম্পৰ্কত কাজিয়া আৰু বিবাদৰ সৃষ্টি হ’ব পাৰে ৷
  • প্ৰতিটো কাম পিছুৱাই দিয়াৰ অভ্যাসৰ বাবে মানুহে বহু সুযোগ হেৰুওৱাই পেলায় ৷ একে সময়তে যদি তেওঁলোকে সময়মতে কামটো নকৰে তেন্তে নতুন প্ৰজেক্ট, প্ৰমোচন আৰু অন্যান্য গুৰুত্বপূৰ্ণ সুযোগৰ পৰা বঞ্চিত হ’বলগীয়া হ’ব পাৰে ৷ যাৰ বাবে তেওঁলোকৰ কেৰিয়াৰ আৰু ব্যক্তিগত বিকাশত বাধা আহিব পাৰে ৷
  • বিলম্বৰ বাবে এজন ব্যক্তিৰ মানসিক চাপ আৰু উদ্বেগ বাঢ়ি যায় আৰু ইয়াৰ ফলত তেওঁলোকৰ টোপনিতো ইয়াৰ দ্বাৰা প্ৰভাৱিত হ’ব পাৰে ৷ ইয়াৰ বাহিৰেও এনে পৰিস্থিতিত শাৰীৰিক শিথিলতা বাঢ়ি যায় ৷ ব্যক্তিজনৰ উচ্চ ৰক্তচাপ আৰু আন কিছুমান স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ৷

কেনেকৈ প্ৰক্ৰেষ্টিনেচনৰ পৰা হাত সাৰিব পাৰি ?

ডাঃ ৰীণা দত্তই বুজাইছে যে, সময় ব্যৱস্থাপনা, আত্ম-অনুশাসন, সঠিক অগ্ৰাধিকাৰ নিৰ্ধাৰণৰ দ্বাৰা বিলম্ব কৰাৰ প্ৰৱণতা দূৰ কৰিব পাৰি ৷ ইয়াৰ উপৰিও কিছুমান কথা মনত ৰাখি সৰু সৰু অভ্যাস গ্ৰহণ কৰিলেও বিলম্ব আৰু ইয়াৰ প্ৰভাৱৰ পৰা হাত সাৰি থাকিব পাৰি ৷ ইয়াৰে কিছুমান তলত দিয়া ধৰণৰ-

  • কামৰ সন্দৰ্ভত অগ্ৰাধিকাৰ নিৰ্ধাৰণ কৰক, যেনে কোনটো কাম বেছি গুৰুত্বপূৰ্ণ আৰু কোনটো কম, আৰু সেই অনুসৰি কাম কৰাৰ কৌশল তৈয়াৰ কৰক ৷
  • ডাঙৰ ডাঙৰ কামবোৰ সৰু সৰু অংশত ভাগ কৰি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক ৷ এনে কৰিলে ইয়াক সম্পূৰ্ণ কৰাটো সহজ হৈ পৰে ৷
  • প্ৰতিটো কামৰ বাবে এটা নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰক ৷
  • কামটো কৰাৰ সময়ত আপোনাৰ চিন্তাধাৰাত প্ৰভাৱ পেলাব পৰা এনে কোনো চিন্তা, প্ৰলোভন আৰু বিক্ষিপ্ততাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক ৷
  • নিজকে প্ৰেৰণা যোগাবলৈ সৰু সৰু লক্ষ্যত উপনীত হওক ৷
  • কাম কৰাৰ সময়ত ফোন বিশেষকৈ ছ’চিয়েল মিডিয়াৰ পৰা দূৰত্ব বজাই ৰাখক ৷

লগতে পঢ়ক:যিমান শুলেও ভাগৰ নুগুচে কিয় ? জানক ইয়াৰ কাৰণ কি হ’ব পাৰে - Sleep and tiredness

ABOUT THE AUTHOR

...view details