ওজন বৃদ্ধি কৰাটো যিমান সহজ, কম কৰাটোও সমানেই কঠিন । ওজন কমাবলৈ বহুলোকে মানুহে জিমত ঘণ্টাৰ পিছত ঘণ্টা ৱৰ্কআউট কৰে, বিভিন্ন ব্যয়বহুল ডায়েট প্লেন, যোগাসন আৰু বহুতো পদ্ধতি অনুসৰণ । যদি আপুনিও ওজন কমাবলৈ সহজ উপায় বিচাৰি আছে, তেন্তে আপোনাৰ ওচৰত থকা কিছুমান আয়ুৰ্বেদিক বনৌষধি আপোনাৰ বাবে উপযোগী হ’ব পাৰে ।
আয়ুৰ্বেদৰ মতে, ওজন কমাবলৈ পদ্ধতিসমূহৰ ভিতৰত সুষম খাদ্য, স্বাস্থ্যসন্মত জীৱনশৈলী আৰু কিছুমান বনৌষধিৰ ব্যৱহাৰ আদি অন্তৰ্ভুক্ত । এই সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠান (National Institutes of Health) এটি প্ৰতিবেদন আগবঢ়াইছে য’ত এনে কেইবিধমান বনৌষধিৰ কথা উল্লেখ কৰা হৈছে যিয়ে আপোনাৰ ওজন হ্ৰাস কৰাৰ এই যাত্ৰাত খুবেই সহায় কৰিব ৷ তেন্তে পলম নকৰি জানো আহক এই আয়ুৰ্বেদিক বনৌষধিসমূহ নো কি-
- ত্ৰিফলা (Triphala)
ত্ৰিফলা হৈছে ভাৰতত যুগ যুগ ধৰি ব্যৱহাৰ হৈ অহা এক পৰম্পৰাগত আয়ুৰ্বেদিক ঔষধ ৷ আমলখি, শিলিখা আৰু ভোমোৰা ফলৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয় ত্ৰিফলা (Amalaki, Bibhitaki and Haritaki)৷ এই তিনিটা ফল সমান পৰিমাণে মিহলাই তৈয়াৰ কৰা হয় ৷ ত্ৰিফলা বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয় ৷ সাধাৰণতে ত্ৰিফলা গুড়ি ৰূপত সেৱন কৰা হয় ৷ ইয়াক পানী বা গাখীৰৰ লগত খাব পাৰে ৷ ইয়াৰ পৰা আপুনি যথেষ্ট সুফল লাভ কৰিব ৷
- গুগুল (Guggul)
আয়ুৰ্বেদিক ঔষধত Guggul (Commiphora wightii) চিৰপৰিচিত এটি নাম ৷ গুগুলক "Pura" বুলিও কোৱা হয় যাৰ অৰ্থ হৈছে "ৰোগৰ পৰা আঁতৰি থকা"। আয়ুৰ্বেদৰ মতে, গুগুল ওজন নিয়ন্ত্ৰণত উপযোগী কিয়নো ই বিপাকীয় ক্ৰিয়া উন্নত কৰাত সহায় কৰে আৰু পাচনতন্ত্ৰত সুস্থ কৰি ৰখাত সহায় কৰে । ই অষ্টিওআৰ্থ্ৰাইটিছৰ লগতে ৰিউমেটইড আৰ্থ্ৰাইটিছৰ ক্ষেত্ৰত গাঁঠিৰ ফুলা, বিষ আৰু জঠৰতা হ্ৰাস কৰাত সহায় কৰে কাৰণ ইয়াৰ anti-inflammatory আৰু আৰ্থ্ৰাইটিক প্ৰতিৰোধী গুণাগুণ আছে । গুগুলে মুঠ কলেষ্টেৰল, নিম্ন-ঘনত্বৰ লাইপোপ্ৰ'টিন (low-density lipoprotein-LDL বা বেয়া কলেষ্টেৰল) আৰু ট্ৰাইগ্লিচাৰাইডৰ স্তৰ হ্ৰাস কৰি তেজৰ কলেষ্টেৰলৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায়ক হ'ব পাৰে । তদুপৰি ইয়াৰ বেক্টেৰিয়া-ৰোধী (anti-bacterial) গুণাগুণৰ বাবে ব্রণ সৃষ্টিকাৰী বেক্টেৰিয়াৰ বিকাশ প্ৰতিহত কৰে ।
- থেকেৰা টেঙা (Garcinia Cambogia)
ই হৈছে এবিধ গ্রীষ্মমণ্ডলীয় ফল(Vrikshamla) যিটো আয়ুৰ্বেদিক চিকিৎসাত প্ৰায়ে ওজন কমাবলৈ ব্যৱহাৰ কৰা হয় । ই ভোক দমন কৰাত সহায় কৰে আৰু শৰীৰত চৰ্বি উৎপাদন ৰোধ কৰে বুলি বিশ্বাস কৰা হয় ।
গ্ৰীষ্মকালীন সময়ছোৱাত অসমত ইয়াৰ চৰবত, আঞ্জা(Curry) আদি খোৱা হয় ৷ কোৱা হয় যে থেকেৰাই আমাৰ পেট ঠাণ্ডা কৰি ৰাখে সেয়ে গৰমৰ দিনত খালে আমাৰ পেটৰ বাবে খুবেই লাভদায়ক৷ আনহাতে, থেকেৰা টেঙাই কলেষ্টেৰল কমোৱাত যথেষ্ট সহায় কৰে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যত সহায় কৰে বুলি বিশ্বাস কৰা হয় ।
- ট্ৰাইমেড (Trimad)