শিশুসকলক খাদ্য খুওৱাটো প্ৰায়েই প্ৰতিগৰাকী অভিভাৱকৰ বাবে এক কঠিন কাম ৷ সাধাৰণতে শিশুসকলক বিদ্যালয়লৈ যোৱাৰ সময়ছোৱাত বেছিভাগ অভিভাৱকে এক সন্তুলিত বা পুষ্টিকৰ আহাৰ খুওৱাব বিচাৰে ৷ সোমবাৰে এই সন্দৰ্ভত কৰা এক নতুন অধ্যয়নত প্ৰকাশ পাইছে যে প্ৰায় আঠজন অভিভাৱকৰ ভিতৰত সকলো বিচাৰে যে তেওঁলোকৰ সন্তানে প্লেটত থকা সকলোখিনি খাদ্য শেষ কৰিব ৷
আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিংগান বিশ্ববিদ্যালয়ৰ দ্বাৰা কৰা এক অধ্যয়ন অনুসৰি, প্ৰতি তিনিজনৰ ভিতৰত মাত্ৰ এজন অভিভাৱকে বিশ্বাস কৰে যে আমেৰিকান আহাৰ স্বাস্থ্যকৰ ৷ আনহাতে, আধা অভিভাৱকে ভূমধ্যসাগৰীয় আহাৰ অধিক পুষ্টিগত বুলি বিবেচনা কৰে ।
মিচিগান বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক চুজান ৱুলফৰ্ডৰ মতে, কিছু অভিভাৱকে শিশুসকলক তেওঁলোকৰ প্লেটত সজাই দিয়া গোটেইখিনি খাদ্য শেষ কৰিবলৈ বাধ্য কৰে অথবা চেষ্টা কৰে ৷
ফেব্ৰুৱাৰীত 3-10 বছৰ বয়সৰ শিশু আৰু অভিভাৱকৰ 1083 টা সঁহাৰিৰ ওপৰত আধাৰিত কৰি কৰা এক জৰীপ অনুসৰি, যদি তেওঁলোকৰ সন্তানক পৰিৱেশন কৰা খাদ্য সন্তানে অপছন্দ কৰে, তেনেহ’লে 60 শতাংশ অভিভাৱকে শিশুসকলৰ মনপছন্দ বেলেগ আহাৰ প্ৰস্তুত কৰে ৷ কিন্তু এইসমূহ খাদ্যৰ প্ৰায়েই অস্বাস্থ্যকৰ ।