আমাৰ শৰীৰ-মনক সুস্থ, সক্ৰিয় কৰি ৰাখিবলৈ সুষম তথা পুষ্টিকৰ আহাৰ গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় । পুষ্টিকৰ উপাদানৰ অভাৱ হ’লে আমাৰ শৰীৰত বিভিন্ন ৰোগে বাহৰ পাতিবলৈ আৰম্ভ কৰে । আমাৰ শৰীৰে ভালদৰে কাম কৰিবলৈ বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদানৰ প্ৰয়োজন হয় । গতিকে আমাৰ শৰীৰক সুস্থ কৰি ৰাখিবলৈ আমি সতেজ তথা পুষ্টিকৰ খাদ্য খোৱাটো খুবেই জৰুৰী । অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবে কেৱল আপোনাৰ শৰীৰ দুৰ্বল হোৱাই নহয় আপোনাৰ মনটোও দুৰ্বল হ’বলৈ আৰম্ভ কৰে । ভিটামিন, খনিজ পদাৰ্থ আৰু এন্টি অক্সিডেন্টৰ দৰে পুষ্টিকৰ উপাদানৰ অভাৱে আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলায় । কিন্তু এনে ক্ষেত্ৰত ফল-মূল আমাৰ বাবে খুবেই উপকাৰী প্ৰমাণিত হ’ব পাৰে ৷ ফল-মূলে আমাৰ শৰীৰক সতেজতা প্ৰদান কৰাই নহয় বৰঞ্চ শক্তিও প্ৰদান কৰে ৷ সেয়ে মন আৰু শৰীৰক সুস্থ আৰু সৱল কৰি ৰখাৰ বাবে কেইবিধমান উপকাৰী ফলৰ বিষয়ে আজি জানো আহক-
১) ডালিম খাওক
ডালিম খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী । ডালিমত পৰ্যাপ্ত পৰিমাণে আইৰণ, ভিটামিন আৰু এন্টি অক্সিডেন্ট আদি গুণ থাকে । নিয়মিতভাৱে ইয়াক খালে আমাৰ শৰীৰ কেতিয়াও দুৰ্বল নহয় আৰু বহু ৰোগৰ সম্ভাৱনা দূৰ কৰাটো সহায় কৰে । ইয়াৰ উপৰিও ডালিমত পৰ্যাপ্ত পৰিমাণৰ পলিফিনল থাকে, যিয়ে মগজু আৰু স্নায়ুতন্ত্ৰক সুস্থ কৰি তোলাত সহায় কৰে ।
২) কমলা খাওক