মাহেকীয়াৰ সময়ত মহিলা বা ছোৱালীৰ ক্ষেত্ৰত ভৰিৰ বিষ আৰু হাত-ভৰি জঠৰ হোৱাৰ সমস্যাই দেখা দিয়ে ৷ বেছিভাগ মহিলা বা ছোৱালীয়ে মাহেকীয়া হোৱাৰ আগতে ভৰিৰ বিষ অনুভৱ কৰে । কিন্তু, আপুনি কেতিয়াবা ভাবিছেনে ইয়াৰ কাৰণ কি ? কিয় বিষ হয় ? লগতে প্ৰশ্ন হয় যে এই বিষৰ বাবে ঔষধ খাব পাৰি নে ? নে ঘৰুৱা উপায়ৰ সহায় ল’ব লাগে ? ইয়াৰ কাৰণ আৰু কিছু ঘৰুৱা উপায় জানো আহক এই প্ৰতিবেদনত ।
মাহেকীয়াৰ সময়ত কিয় ভৰি বিষায় ?
মাহেকীয়াৰ সময়ত ইষ্ট্ৰজেন (Estrogen) আৰু প্ৰজেষ্টেৰনৰ (Progesterone) মাত্ৰা কমি যায়, আনহাতে মাহেকীয়াৰ শেষত প্ৰষ্টাগ্লেণ্ডিনৰ (Prostaglandin) উৎপাদন বৃদ্ধি পায় । এই হৰম’নৰ পৰিৱৰ্তনেই হৈছে ভৰিৰ বিষৰ কাৰণ । মন কৰিবলগীয়া কথাটো হ’ল ভৰিৰ বিষ স্বাভাৱিক পেশীৰ বিষতকৈ বেলেগ অনুভৱ হয় । এই সময়চোৱাত আপুনি অত্যধিক বিষ অনুভৱ কৰিব পাৰে, যিটো কেতিয়াবা এখন ভৰিত বা কেতিয়াবা দুয়োখন ভৰিতেই অনুভৱ কৰা যায় । এই বিষ মাহেকীয়া আৰম্ভ হোৱাৰ আগতেই বেছি হ’ব পাৰে আৰু বয়স বৃদ্ধিৰ লগে লগে বিষটো অধিক তীব্ৰ হ’ব পাৰে ।
মাহেকীয়াৰ ভৰিৰ বিষ কেনেকৈ কম কৰিব পাৰি ?
- গৰমৰ বটল বা হিটিং পেড ভৰিৰ বিষ হোৱা অংশত লগালে বিষ কম হ’ব ।