অসম

assam

ৰুগীয়া হ’বলৈ মন নাই যদি বাৰিষাত নাখাব এই ৪বিধ খাদ্য - Monsoon Restricted Foods

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 2:05 PM IST

Monsoon Restricted Foods: স্বাভাৱিক দিনত অতি উপকাৰী বুলি বিবেচিত হোৱা এই খাদ্য সামগ্ৰীমূহ বাৰিষাকালত সেৱন কৰাটো আপোনাৰ বাবে হ’ব পাৰে বিপদজনক । জানো আহক এনে খাদ্যসমূহৰ বিষয়ে যাক আমি বাৰিষাকালত খোৱাটো উচিত নহয়...

If you want to stay healthy, avoid these 4 foods during the rainy season
ৰুগীয়া হ’বলৈ মন নাই যদি বাৰিষাত নাখাব এই ৪বিধ খাদ্য (ETV Bharat)

বাৰিষাই আমাৰ মন-মগজু, হৃদয় আৰু যথেষ্ট শান্তি প্ৰদান কৰে, কাৰণ উৎকট গৰমৰ ফলত আৰ্দ্ৰতা আৰু উত্তাপৰ পিছত বাৰিষা আহিলেই সকাহৰ অনুভৱ হয় । বৰষুণৰ বতৰ বহুতে ভাল পায় যদিও কিন্তু এই বৰষুণে নিজৰ সৈতে কঢ়িয়াই আনে বহু ৰোগ তথা সংক্ৰমণ । গতিকে এই সময়ছোৱাত আমি আমাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱা উচিত, বিশেষকৈ খাদ্য-পানীয় আদি খাওতে খুব সাৱধান হোৱা উচিত ৷

জানো আহক এনে কিছুমান খাদ্যৰ বিষয়ে যাক আপুনি বাৰিষাকালত পৰিহাৰ কৰা উচিত-

১) আমিষ খাদ্য

সনাতন ধৰ্মত শাওন মাহৰ এই সময়ছোৱাত নন-ভেজ খাদ্য খোৱাটো নিষিদ্ধ, কিন্তু ইয়াৰ আঁৰত এটা বৈজ্ঞানিক কাৰণো আছে, দৰাচলতে বাৰিষা কালত ভেঁকুৰৰ সংক্ৰমণ, মাংস সোনকালে পচি যোৱাৰ আশংকা বাঢ়ি যায় সূৰ্যৰ পোহৰৰ অভাৱৰ বাবে বীজাণুৱে দ্ৰুতগতিত বংশবৃদ্ধি কৰে । সেয়ে এই সময়ছোৱাত আমিষ খাদ্য পৰিহাৰ কৰা উচিত ৷

২) শাক

বিশেষকৈ বাৰিষাৰ সময়ত সেউজীয়া পাতৰ শাক-পাচলি পৰিহাৰ কৰাটো উচিত, লাগিলে তাত যিমানেই পুষ্টিকৰ উপাদান নাথাকক কিয় । বাৰিষাৰ সময়ত আৰ্দ্ৰতা সামান্য বৃদ্ধি পায় যিয়ে বীজাণুৰ বৃদ্ধিত সহায় কৰে, ইহঁতে শাক-পাচলিতো থাকে যাৰ ফলত ই খোৱাৰ বাবে অযোগ্য হৈ পৰে ।

৩) দৈ

দৈ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী, কাৰণ ইয়াৰ জৰিয়তে হজম শক্তি অটুত ৰাখিব পাৰি, কিন্তু বাৰিষাৰ সময়ত ইয়াক খোৱাটো উচিত নহয় কাৰণ ই ঠাণ্ডা প্ৰকৃতিৰ, সেয়েহে দৈ খালে কাহ-চৰ্দি আৰু ডিঙিৰ বিষ হ’ব পাৰে ।

৪) গাখীৰ

বাৰিষাৰ সময়ত পোক-পৰুৱাৰ সংখ্যা যথেষ্ট বৃদ্ধি পায় আৰু ইয়াৰ বাবে ডেংগু আৰু চিকুংগুনিয়াৰ দৰে ৰোগ সৃষ্টি কৰা মহ বাঢ়িবলৈ আৰম্ভ কৰে, যাৰ বাবে গাখীৰ খোৱা গৰু-ছাগলীবোৰো অসুস্থ হৈ পৰে, সেয়েহে এই জীৱ-জন্তুৰ গাখীৰ খালে ৰোগ হোৱাৰ আশংকা বাঢ়ি যায় ।

লগতে পঢ়ক:বাৰিষাত ছালৰ সমস্যা খুব বেছি হয় নেকি ? তেন্তে অনুসৰণ কৰক চিকিৎসকে দিয়া এই পদ্ধতি - Rainy Season Skin Care

ABOUT THE AUTHOR

...view details