গুৱাহাটী, 4 ফেব্ৰুৱাৰী : বতৰৰ সলনিৰ লগে লগে মানুহৰ দেহত নানা ৰোগে দেখা দিয়ে ৷ যদিও এয়া প্ৰাকৃতিক পৰিঘটনা তথাপিও আমি কিন্তু অকণমান সাৱধান হোৱাটো উচিত ৷ ঋতু বা বতৰৰ পৰিৱৰ্তনৰ বাবে এই সময়ছোৱাত বতৰ শুকান হৈ পৰে ৷ এই সময়ছোৱাত বহু প্ৰদূষণ বায়ুত ঘূৰি ফুৰে ৷ যেতিয়া আমি বাহিৰলৈ ওলাই যাওঁ তেতিয়া শ্বাস-নলীৰে এনে প্ৰদূষিত বায়ু আমাৰ শৰীৰৰ ভিতৰত সোমাই ভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰে ৷ যাৰ ফলত এই সময়ছোৱাত জ্বৰ, চৰ্দি, কাঁহ, ছালৰ ৰোগ, এলাৰ্জি, চকুৰ ৰোগ আদি হোৱা দেখা যায় ৷
এই সময়ছোৱাত কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে ?
১) এনেধৰণৰ সমস্যাৰ পৰা বাছি থাকিবলৈ তথা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ এই সময়ছোৱাত যেতিয়াই বাহিৰলৈ ওলাই যায় তেতিয়াই মাস্ক ব্যৱহাৰ কৰাটো অতি আৱশ্যক ৷ মাস্ক ব্যৱহাৰ কৰাৰ ফলত জ্বৰ, চৰ্দি আদিকে ধৰি ৯০% ঋতুগত ৰোগৰ পৰা হাতসাৰি থাকিব পৰা যায় ৷
২)শুকান বতৰৰ বাবে আমাৰ ছালো শুষ্ক হোৱা পৰিলক্ষিত হয় ৷ সেয়ে দৈনিক ছালখন মইশ্বৰাইজ কৰাটো প্ৰয়োজন ৷ লগতে দৈনিক গা ধুৱাটো প্রয়োজন ৷