শিশুৰ শাৰীৰিক তথা মানসিক বিকাশ সাধনৰ বাবে শৰীৰত পৰ্যাপ্ত পৰিমাণৰ পুষ্টিকৰ উপাদানৰ যোগান ধৰাটো অতি প্ৰয়োজনীয় ৷ শৰীৰত কোনো ধৰণৰ পুষ্টিকৰ উপাদানৰ অভাৱে শিশুৰ বৃদ্ধি তথা বিকাশত বাধাৰ সৃষ্টি কৰি বহু ৰোগত আক্ৰান্ত কৰিব পাৰে ৷ বাঢ়ি অহা শিশুৰ হাড় মজবুত কৰাত ভিটামিন ডিৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কিন্তু শৰীৰত এই ভিটামিনৰ অভাৱে শিশুৰ হাড় দুৰ্বল কৰিব পাৰে ৷ মাতৃদুগ্ধই স্তনপান কৰা শিশুৰ বাবে পুষ্টিকৰ উপাদানৰ উত্তম উৎস ৷ কিন্তু শিশুৰ দেহত ভিটামিন ডিৰ অভাৱ পূৰণৰ বাবে এয়াই যথেষ্ট নহয় ৷ কিৰণ মাল্টি ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ কনছালটেণ্ট পেডিয়াট্ৰিচিয়ান আৰু নৱজাতক বিশেষজ্ঞ ডাঃ পৱন মাণ্ডৱিয়াই কয় যে, “যদি আপুনি আপোনাৰ সন্তানৰ শৰীৰত জন্মৰ পৰাই ভিটামিন ডি’ৰ যোগান ধৰা নাই আৰু শিশুটিয়ে সঠিকভাৱে ৰ’দৰ সংস্পৰ্শলৈ অহা নাই, তেন্তে তেওঁৰ শৰীৰত ভিটামিন ডি’ৰ অভাৱ দেখা যায় ৷”গতিকে ডাঃ পৱন মাণ্ডৱিয়াৰ পৰা জানি লওক শিশুৰ দেহত ভিটামিন ডিৰ অভাৱৰ লক্ষণসমূহ কি কি তথা ইয়াৰ চিকিৎসা ৷
শিশুৰ ভিটামিন ডিৰ অভাৱৰ লক্ষণ
১) হাতৰ মণিবন্ধ বহল হোৱা
শিশুৰ ভিটামিন ডিৰ অভাৱত ৰিকেট নামৰ সমস্যা এটা হ’ব পাৰে, য’ত হাড় দুৰ্বল হৈ পৰে ৷ ৰিকেটৰ এটা লক্ষণ হ’ল শিশুৰ হাতৰ মণিবন্ধৰ গাঁঠি বহল হোৱা, যিটো হাতৰ মণিবন্ধৰ ওচৰৰ হাড়বোৰ কোমল হোৱাৰ ফলত হয় ৷