পাকঘৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখি বহু ধৰণৰ সংক্ৰমণৰ পৰা হাত সাৰিব পাৰি ৷ কিন্তু ঘৰৰ আন অংশৰ তুলনাত পাকঘৰটো চাফা কৰাটো কঠিন ৷ বিশেষকৈ গেছ বাৰ্নাৰ, য’ত ৰন্ধা সময়ত প্ৰায়ে তেল বা গ্ৰেভি ছিটিকি পৰে ৷
দৰাচলতে বাৰ্নাৰত তেল বা গ্ৰেভি পৰিলে ইয়াৰ ফুটাবোৰ বন্ধ হৈ যায় ৷ ইয়াৰ ফলত ইয়াৰ শিখা কমি যায় আৰু গেছটোও অপচয় হ’বলৈ আৰম্ভ কৰে ৷ যিমানেই চাফা নকৰক কিয়, কেতিয়াও নতুনৰ দৰে জিলিকি নাথাকে ৷ যদি আপুনিও আপোনাৰ লেতেৰা গেছ বাৰ্নাৰ পৰিষ্কাৰ কৰি ভাগৰি পৰিছে, তেন্তে আজি আমি আপোনালোকক কিছুমান টিপছ দিবলৈ ওলাইছো যিয়ে আপোনাক ইয়াক চাফা কৰাত সহায় কৰিব পাৰে ৷
আপেল ভিনেগাৰত বাৰ্নাৰ ডুবাই ৰাখক
বাৰ্নাৰটো জিলিকাবলৈ হ’লে এটা পাত্ৰত আপেলৰ ভিনেগাৰ অৰ্থাৎ এপল চাইডাৰ ভিনেগাৰ ঢালি তাত গেছ বাৰ্নাৰটো ডুবাই দিব ৷ কিছু সময়ৰ পাচত নেমু আৰু বেকিং পাউদাৰ লগাই টুথব্ৰাছৰ সহায়ত পৰিষ্কাৰ কৰিব ৷ এনে কৰিলে গেছ বাৰ্নাৰত থকা মলি পৰিষ্কাৰ হ’ব আৰু ই নতুন বাৰ্নাৰৰ দৰে জিলিকি উঠিব ৷