নিওটেম হৈছে চেনিতকৈ যথেষ্ট মিঠা Artificial Sweetener বা কৃত্ৰিম মিঠা, প্ৰায়ে বিভিন্ন খাদ্য আৰু পানীয় সামগ্ৰীত চেনিৰ বিকল্প হিচাপে ইয়াক ব্যৱহাৰ কৰা হয় ৷ ইয়াক কিছুমান নিয়ন্ত্ৰণকাৰী সংস্থাই ইয়াক ব্যৱহাৰৰ বাবে অনুমোদন জনাইছে যদিও ইয়াৰ সম্ভাব্য স্বাস্থ্যজনিত প্ৰভাৱৰ বিষয়ে কিছু উদ্বেগ প্ৰকাশ কৰা হৈছে ৷ সেয়ে আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে আপোনাৰ শৰীৰৰ ওপৰত Neotame ৰ বিভিন্ন নেতিবাচক প্ৰভাৱৰ বিষয়ে উল্লেখ কৰিছো -
আপোনাৰ স্বাস্থ্যৰ ওপৰত Neotame ৰ ১০ টা সম্ভাব্য নেতিবাচক প্ৰভাৱৰ বিষয়ে উল্লেখ কৰা হ’ল :
১/ ওজন বৃদ্ধিৰ সম্ভাৱনা (Potential for weight gain)
কেলৰিমুক্ত হোৱাৰ পাচতো নিওটেমৰ দৰে Artificial Sweetener বা কৃত্ৰিম মিঠা শৰীৰৰ কেলৰি গ্ৰহণ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতাত ব্যাঘাত জন্মাব পাৰে, যাৰ ফলত সম্ভাৱনাময়ভাৱে অতিমাত্ৰা খাদ্য গ্ৰহণ আৰু ওজন বৃদ্ধি হ’ব পাৰে ৷ কাৰণ নিওটেমৰ তীব্ৰ মিঠা সোৱাদ গ্ৰহণকাৰীক অসংবেদনশীল কৰি তুলিব পাৰে ৷ যাৰ ফলত মিঠা খাদ্যৰ আসক্তি বৃদ্ধি পায় আৰু আপুনি সম্ভাব্যভাৱে অধিক কেলৰি গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে ৷
২/ আন্ত্ৰিক মাইক্ৰ’বায়’টাত ব্যাঘাত জন্মা (Disruption of gut microbiota)
কিছুমান প্ৰমাণ পোৱা গৈছে যে নিওটেমকে ধৰি Artificial Sweetener বা কৃত্ৰিম মিঠা আন্ত্ৰিক মাইক্ৰ’বায়’টাৰ গঠন আৰু কাৰ্যৰ পৰিৱৰ্তন ঘটাব পাৰে ৷ আন্ত্ৰিক বেক্টেৰিয়াৰ এই ভাৰসাম্যহীনতা পাচনতন্ত্ৰৰ সমস্যা, প্ৰদাহ আৰু বিপাকীয় বিকাৰকে ধৰি বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সৈতে জড়িত ৷