যদি আপুনিও ভাবে যে নৰসিংহৰ পাত কেৱল খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবেহে ব্যৱহাৰ কৰা হয়, তেন্তে আজি আমি আপোনাৰ এই ভুল ধাৰণা দূৰ কৰিম ৷ ঔষধি গুণেৰে সমৃদ্ধ নৰসিংহ পাত আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ যদি আপুনিও নিজকে সুস্থ আৰু ফিট ৰাখিব বিচাৰে, তেন্তে এই পাতটো নিশ্চয়কৈ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা উচিত ৷
অতীজৰে পৰা নৰসিংহ পাতক স্বাস্থ্যৰ পক্ষে খুব উপকাৰী বুলি গণ্য কৰি অহা হৈছে ৷ ইয়াত বহু ঔষধি গুণ আছে, যিয়ে স্বাস্থ্য তথা ছাল-চুলিক ভালে ৰখাত সহায় কৰে ৷ নৰসিংহ পাত প্ৰ'টিন, আইৰণ, চৰ্বি, কেলচিয়াম, ভিটামিন-চি, ফছফৰাছ, নিকোটিনিক এচিড, এণ্টিঅক্সিডেণ্টৰে সমৃদ্ধ ৷ পুৱা খালী পেটত নৰসিংহ পাত খালে আমাৰ শৰীৰটো বহু ৰোগৰ পৰা বাচি থাকিব পাৰি ৷ খালী পেটত নৰসিংহ পাত খোৱাৰ লাভালাভৰ বিষয়ে আজি জানো আহক-
দূৰ হয় পুৱাৰ অসুস্থতা
বহুতেই পুৱা শুই উঠাৰ পিছত নিজকে খুব অসুস্থ অনুভৱ কৰে ৷ কিছুমানৰ যদি বমিৰ ভাৱ হয়, কিছুমানৰ মূৰ ঘূৰায় ৷এনে সমস্যাত ভূগি থকাসকলৰ বাবে পুৱা নৰসিংহ পাত খোৱাটো খুব উপকাৰী ৷
হজম হয় স্বাস্থ্যকৰ
খালী পেটত নৰসিংহ পাত খালে হজম শক্তি উন্নত হয় ৷ নৰসিংহ পাত খালে পাচন তন্ত্ৰ স্বাস্থ্যৱান হৈ থাকে ৷ কোষ্ঠকাঠিন্য হ্ৰাস কৰাতো নৰসিংহ পাতক অতি উপকাৰী বুলি গণ্য কৰা হয় ৷
ওজন হ্ৰাসত সহায়ক
ওজন হ্ৰাসৰ বাবে শৰীৰক ডিটক্স কৰাটো প্ৰয়োজনীয় ৷ ডিটক্স কৰাৰ ফলত শৰীৰৰ পৰা লেতেৰা বিষাক্ত পদাৰ্থ বাহিৰলৈ ওলায় আৰু ওজন হ্ৰাসত সহায় কৰে ৷
শক্তিশালী হয় ৰোগ প্ৰতিৰোধ ক্ষমতা
নৰসিংহ পাতত এণ্টিঅক্সিডেণ্ট থাকে ৷ যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি আমাক নিৰোগী কৰি ৰখাত সহায় কৰে ৷ নৰসিংহ পাতত পোৱা এণ্টিঅক্সিডেণ্টবোৰে অক্সিডেটিভ চাপ হ্ৰাস কৰাত আৰু ৰোগ সৃষ্টি কৰা বেক্টেৰিয়াৰ সৈতে যুঁজ দিয়াত সহায় কৰে ৷