সাৱধান! কণ্ডম-লুব্ৰিকেণ্টে বৃদ্ধি কৰিব পাৰে কেন্সাৰ-বন্ধ্যাত্বৰ সম্ভাৱনা (FREEPIK)
নিৰাপদ যৌন সম্পৰ্ক স্থাপনৰ বাবে মানুহে প্ৰায়ে লুব্ৰিকেণ্ট ব্যৱহাৰ কৰে । যিটো এটা ভাল অভ্যাস । ইয়াৰ উপৰিও যৌন সংক্ৰামক ৰোগ (STD)ৰ লগতে HIV ৰ দৰে অন্যান্য যৌন সংক্ৰামক ৰোগৰ সম্ভাৱনাও হ্ৰাস কৰে । একে সময়তে যৌন সম্পৰ্ক স্থাপনৰ সময়ত জ্বলন আৰু ফ্ৰিক্সন কমোৱাৰ বাবে লুব্ৰিকেণ্ট বা লুব ব্যৱহাৰ কৰা হয় ।
বন্ধ্যাত্বৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে কণ্ডম-লুব্ৰিকেণ্টে (FREEPIK)
কিন্তু যদি আপুনি গম পায় যে ইয়াক ব্যৱহাৰ কৰিলে গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে, তেন্তে কি তেন্তে আপুনি কি বুলি ক’ব । হয়, কণ্ডম আৰু লুব ব্যৱহাৰ কৰা লোকসকলে কেন্সাৰ আৰু বন্ধ্যাত্ব(Infertility)ত ভুগিব পাৰে ।
কণ্ডম আৰু লুবত পোৱা ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ
শেহতীয়াকৈ পৰিৱেশ সুৰক্ষা সংস্থাৰ এক অধ্যয়নত দেখা গৈছে যে বহু ভাল আৰু সুপৰিচিত ব্ৰেণ্ডৰ কণ্ডম আৰু লুব্ৰিকেণ্টত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয় । অধ্যয়ন অনুসৰি এইবোৰ তৈয়াৰ কৰাত PFAS (১৫ হাজাৰ কৃত্ৰিম ৰাসায়নিক পদাৰ্থৰ এটা গোট) ব্যৱহাৰ কৰা হয় ।