অসম

assam

ETV Bharat / health

কম খৰচতে এতিয়াৰে পৰা কৰাব পৰিব IVF চিকিৎসা - IVF Treatment in GMCH - IVF TREATMENT IN GMCH

IVF Treatment: পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সম্পন্ন হ'ল IVF চিকিৎসা ৷ এতিয়াৰে পৰা কম খৰচতে GMCH ত কৰাব পৰিব IVFৰ চিকিৎসা-

GMCH
কম খৰচতে এতিয়াৰে পৰা কৰাব পৰিব IVF চিকিৎসা

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 5:46 PM IST

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যৰ সংবাদমেল

গুৱাহাটী, 28 মাৰ্চ: বৰ্তমান সময়ত সমগ্ৰ বিশ্বজুৰি দেখা দিয়া জটিল সমস্যাবোৰৰ ভিতৰত এটা হৈছে সন্তানহীনতা ৷ সমগ্ৰ বিশ্বৰ প্ৰায় ৬০-৮০ নিযুত দম্পতী সন্তানহীনতাৰ সমস্যাত ভৰাক্ৰান্ত ৷ আপুনি জানি আচৰিত হ'ব যে বিশ্বৰ প্ৰায় ৬০-৮০ নিযুত দম্পতীৰ ভিতৰত প্ৰায় ২৫ শতাংশতকৈও অধিক হৈছে ভাৰতীয় দম্পতী ৷ এনেদৰে সন্তানহীনতাৰ হাৰ বৃদ্ধি হোৱাৰ আঁৰত আছে বিভিন্ন কাৰণ ৷ কিন্তু বৰ্তমান সময়ত IVF পদ্ধতিৰ দ্বাৰ বহুতে সন্তান লাভ কৰিবলৈ সক্ষম হৈছে ৷

In Vitro Fertilization যাক চমুকৈ IVF বুলিও কোৱা হয় ৷ যিসকল মহিলাই প্ৰাকৃতিকভাৱে গৰ্ভধাৰণ কৰিবলৈ সক্ষম নহয়, তেওঁলোকৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয় ৷ এই চিকিৎসাৰ সময়ত মহিলাগৰাকীৰ ডিম্বাশয় আঁতৰাই পেলোৱা হয়, কাৰণ তেওঁৰ নিজৰ শৰীৰে এই কাম কৰিবলৈ সক্ষম নহয় ৷

সম্প্ৰতি অসমত বহুকেইখন ব্যক্তিগত হাস্পতালত IVFৰ পদ্ধতিৰে চিকিৎসা কৰা হয় ৷ কিন্তু এই চিকিৎসা পদ্ধতি বহু ব্যয়বহুল হোৱা বাবে বহুতে এয়া কৰাব নোৱাৰে ৷

এনে কিছু দম্পতীৰ বাবে এটা ভাল খবৰ ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এতিয়াৰে পৰা কম খৰচতে কৰিব পাৰিব IVF ৰ চিকিৎসা ৷ বৃহস্পতিবাৰে এক সংবাদমেল যোগে GMCHৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যই অৱগত কৰে এই কথা ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পোনপ্ৰথমবাৰৰ বাবে সম্পন্ন কৰা হয় IVF ৷ এই পদ্ধতিৰ দ্বাৰা প্ৰথম কন্যা সন্তান প্ৰসৱ কৰিবলৈ সক্ষম হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে ৷ কন্যা সন্তানটিৰ ওজন প্ৰায় 2.6 কেজি ৷

ইফালে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই কয় যে, এতিয়াৰে পৰা ৫-৬ লাখ টকাৰ বিপৰীতে সুকলমে ৭০ হাজাৰ টকা খৰচৰ যোগেদি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত IVF কৰিব পাৰিব ৷ বৰ্তমানলৈ ৫ গৰাকী মহিলাৰ IVFৰ প্ৰক্ৰিয়া চলি আছে ৷ সপ্তাহত তিনিদিনকৈ খোলা থাকিব এই IVF চেণ্টাৰ ৷

আইভিএফ চিকিৎসাৰ জৰিয়তে এগৰাকী মহিলা কেনেকৈ গৰ্ভৱতী হয় ?

আইভিএফ চিকিৎসাৰ বাবে প্ৰথমে মহিলাগৰাকীৰ সুস্থ ডিম্বাশয় আৰু পুৰুষৰ সুস্থ শুক্ৰাণু সংগ্ৰহ কৰি দুয়োটাকে লেবত নিষেচন কৰা হয় ৷ ইয়াৰ পিচত নিষিক্ত ভ্ৰূণ বা ভ্ৰূণটো বেজীৰ জৰিয়তে মহিলাগৰাকীৰ জৰায়ুলৈ প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক:ICSIৰ জৰিয়তে ৩০ বছৰ পূৰ্বে মুম্বাইত জন্ম হৈছিল প্ৰথম সন্তান, এতিয়া তেওঁ পিতৃ

ABOUT THE AUTHOR

...view details