ভাদ মাহৰ চতুৰ্থী তিথি গণপতি বাপ্পাৰ পুনৰ জনম হিচাপে পালন কৰা হয় । প্ৰতি বছৰে গণেশ চতুৰ্থীৰ পৰা আৰম্ভ হয় গণেশ উৎসৱ । একে সময়তে ইয়াৰ অন্ত পৰে অনন্ত চতুৰ্দশীৰ দিনা । সমগ্ৰ দেশৰ লগতে অসমতো অতি ধুম-ধামেৰে গণেশ চতুৰ্থীৰ উৎসৱ পালন কৰা হয় ৷ ইফালে, আজি বহুলোকে নিজৰ ঘৰলৈ বাপ্পাক আদৰিবলৈ সাজু হৈছে আনহাতে বহুতে মন্দিৰ-পূজাথলীলৈ গৈ গণেশৰ আৰাধনা কৰিব ৷
গণেশ চতুৰ্থীত এই তাৰিখে জন্ম গ্ৰহণ কৰা তথা এই ৰাশিৰ লোকসকল হ’ব খুবেই ভাগ্যশালী - Ganesh Chaturthi 2024 - GANESH CHATURTHI 2024
Ganesh Chaturthi 2024: গণেশ চতুৰ্থীৰ দিনা কি কি নীতি নিয়ম মানিব আপুনি ? গণেশক কিদৰে আৰাধনা কৰিব আপুনি ? গণেশ চতুৰ্থী পালন কৰিলে আপুনি কেনে লাভ পাব পাৰে ? এই সন্দৰ্ভত জানো আহক জ্যোতিষশাস্ত্ৰবিদ ড৹ পৰশমণি শৰ্মা পৰা...
গণেশ চতুৰ্থীত এই তাৰিখে জন্ম গ্ৰহণ কৰা তথা এই ৰাশিৰ লোকসকল হ’ব খুবেই ভাগ্যশালী (CANVA)
Published : Sep 7, 2024, 1:42 PM IST
|Updated : Sep 7, 2024, 3:09 PM IST
কিন্তু গণেশ চতুৰ্থীৰ দিনা কি কি নীতি নিয়ম মানিব আপুনি ? গণেশক কিদৰে আৰাধনা কৰিব আপুনি ? গণেশ চতুৰ্থী পালন কৰিলে আপুনি কেনে লাভ পাব পাৰে ? গণেশ চতুৰ্থীৰ সময়ত কোন তাৰিখত জন্মগ্ৰহণ কৰা আৰু কোন ৰাশিৰ লোকৰ জীৱন সুখৰ হ'ব জানো আহক-
জ্যোতিষী ড৹ পৰশমণি শৰ্মা জনোৱা অনুসৰি
- গণেশ চতুৰ্থীৰ দিনটোত গণেশৰ আৰাধনা কৰিলে সুফল লাভ কৰিব ৫, ১৪, ২৩ তাৰিখে জন্মগ্ৰহণ কৰা লোকসকলে ৷
- লগতে মিথুন আৰু কন্যা ৰাশিৰ লোকৰ জীৱন সুখৰ হ'ব ।
- গণেশ পূজাৰ দিনটোত গণেশ মন্দিৰলৈ গ'লে ৫ বিধ সামগ্ৰী লৈ যাবলৈ নাপাহৰিব । কাইলৈ গণেশ মন্দিৰলৈ গলে ৫ মুঠি দুবৰি বন, ৫টা আদাৰ টুকুৰা, ৫টা খুচুৰা পইচা, ৫টা বুন্দিয়া লাৰু, ৫ গচ ঘিউৰ চাকি দিব ।
- দুখীয়া ল’ৰা-ছোৱালীক কলম, পেঞ্চল, ৰবৰ আৰু সেউজীয়া যি কোনো সামগ্ৰী দিব পাৰে ।
- দুখীয়া চিকিৎসাধীন লোকক ঔষধ ক্ৰয় কৰি দিব পাৰিব ।
- ঘৰত সেউজীয়া ৰঙৰ গণেশ মূৰ্তি বা ফটো আনি ঘৰত পূজা কৰিব পাৰিলে ভাল । যেতিয়া গণেশ মূৰ্তি ঘৰলৈ আনিব তেতিয়া তেওঁক লাৰু তথা দুবৰি বন আগবঢ়াব । লগতে ভাল কামৰ বাবে ঘৰৰ বাহিৰত ওলাই যোৱাৰ আগতে গণেশ বাবাক সেৱা কৰি যাবলৈ নাপাহৰিব ৷
- গণেশ চতুৰ্থীৰ দিনা কিন্নৰক কোনো প্ৰয়োজনীয় বস্তু দান কৰিব পাৰে ৷
Last Updated : Sep 7, 2024, 3:09 PM IST