কিছুদিন পূৰ্বে বলীউডৰ অন্যতম বিখ্যাত কৌতুক অভিনেতা টিকু তালছানিয়া হৃদৰোগত আক্ৰান্ত হৈছিল লগতে কৰ্ণাটক আৰু গুজৰাটৰ আহমেদাবাদত দুটি কণমানিয়ে নিজৰ প্ৰাণ হেৰুওৱাবলগীয়া হয় ৷
এক কথাত ক’বলৈ গ’লে উদ্বেগজনক হাৰত বৃদ্ধি পাবলৈ ধৰিছে হৃদৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ বয়োজ্যেষ্ঠ লোকসকলৰ লগতে শিশুও শেহতীয়াকৈ হাৰ্ট এটেকৰ ফলত মৃত্যুমুখত পৰা খবৰ শেহতীয়াকৈ পোহৰলৈ আহিছিল ৷ লক্ষণীয়ভাৱে শীতকাল আৰম্ভ হোৱাৰ লগে লগে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা বৃদ্ধি পোৱা পৰিলক্ষিত হয় ৷ শীতকালত ৰক্তবাহী নলী বন্ধ হোৱাৰ বাবে কলেষ্টেৰল বৃদ্ধি হোৱাৰ সম্ভাৱনা বেছি ৷ যাৰ বাবে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায় ৷ এই ঋতুত হৃদযন্ত্ৰৰ কাৰ্য সম্পাদনতো কিছু বাধাৰ সৃষ্টি হয় ৷ কাৰণ এই সময়ত হৃদযন্ত্ৰই পৰ্যাপ্ত অক্সিজেন লাভ নকৰে ৷
ব্ৰিটিছ হাৰ্ট ফাউণ্ডেশ্যনৰ মতে, ঠাণ্ডা বতৰত হাৰ্ট এটেকৰ সম্ভাৱনা কিয় বৃদ্ধি পায় জানি লওক
আচলতে ঠাণ্ডা বতৰত আপোনাৰ হৃদযন্ত্ৰই আপোনাক গৰম কৰি ৰাখিবলৈ সমগ্ৰ শৰীৰত অক্সিজেন পাম্প কৰিবলৈ দুগুণ কষ্ট কৰিবলগীয়া হয়, গতিকে ঠাণ্ডাই আপোনাৰ...ৰক্তবাহী নলী আৰু ক’ৰ’নাৰী ধমনী সংকুচিত হৈ পৰে, যাৰ ফলত ৰক্তচাপ বৃদ্ধি পায় আৰু তেজৰ সোঁত বাধাপ্ৰাপ্ত হয় । যাৰ বাবে হৃদযন্ত্ৰলৈ অক্সিজেনৰ যোগান হ্ৰাস পাব পাৰে, যিয়ে শেষত হাৰ্ট এটেকৰ সৃষ্টি কৰিব পাৰে ।
শীতকালত হাৰ্ট এটেকৰ সমস্যা কিয় বৃদ্ধি পায় ? তথা ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি আৰু হৃদযন্ত্ৰৰ লগত জড়িত ৰোগ থাকিলে কি কৰিব লাগে, এই বিষয়ে জানিবলৈ বহু লোক ইচ্ছুক ৷ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত নেশ্যনেল হাৰ্ট ইনষ্টিটিউটৰ CEO ডাঃ অ’ পি যাদৱে এনে প্ৰতিটো প্ৰশ্নৰ সহজ উত্তৰ আগবঢ়াইছে ৷
তেওঁ কয় যে, শীতকালত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ বহু কাৰণ থাকিব পাৰে ৷ তেওঁ জানিবলৈ দিয়া মতে ঠাণ্ডা বতৰত শিৰাবোৰ সংকুচিত হয় বাবে তেজ সঠিকভাৱে পাম্প কৰিব নোৱাৰি ৷ এনে পৰিস্থিতিত হাৰ্ট এটেকৰ সম্ভাৱনা বাঢ়ি যায় ৷ ইয়াৰ বাহিৰেও এই ঋতুত তেজ ডাঠ হৈ বুকুৰ ওচৰলৈ ভালদৰে যাব নোৱাৰে ৷ এনে কাৰণতো হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায় ৷ ঠাণ্ডাৰ দিনত মানুহে প্ৰায়ে কোনো শাৰীৰিক ক্ৰিয়া-কলাপ নকৰে ৷ ঠাণ্ডাৰ বাবে অধিকাংশ লোক ঘৰতে আৱদ্ধ হৈ থাকে ৷
আনকি বহু লোকে দৈনিক কৰি অহা মৰ্নিং ৱাকৰ অভ্যাসো ঠাণ্ডা দিনত ত্যাগ কৰা দেখা যায় ৷ এনে পৰিস্থিতিত আমাৰ শৰীৰৰ ৰক্তকণিকা (RBC) একেলগে আবদ্ধ হৈ পৰে, যাৰ ফলত হৃদযন্ত্ৰত ৰক্ত সঞ্চালন কমি যায় ৷ সেয়েহে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায় ৷ আমাৰ খাদ্যাভ্যাসে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰাত ডাঙৰ ভূমিকা পালন কৰে ৷ ভাৰসাম্যহীন খাদ্যই হাৰ্ট এটেকৰ সমস্যা বৃদ্ধিতো সহায় কৰে ৷