অসম

assam

ETV Bharat / health

আপুনিও দিনটোত খায় নেকি 3 কাপ চাহ ? তেন্তে হ’ব পাৰে এই সমস্যা - দিনটোত কিমান কাপ চাহ খাব লাগে

Excessive Drinking Of Tea: চাহ হৈছে এনে এক পানীয় যিটো ভাৰতত পানীৰ পিছত সৰ্বাধিক পৰিমাণে সেৱন কৰা হয় ৷ কিন্তু কিছুমান মানুহে প্ৰয়োজনতকৈ বেছি চাহ সেৱন কৰে, যাৰ বাবে ই স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰিব পাৰে ।

Do you also drink excessive tea in a day? then know its side effects
আপুনিও দিনটোত খায় নেকি 3 কাপ চাহ ? তেন্তে হ’ব পাৰে এই সমস্যা

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 4:44 PM IST

বহুতে নিজৰ দিনটোৰ আৰম্ভণি একাপ চাহৰ সৈতে কৰে ৷ পুৱাৰ চাহকাপ নহ’লে বহুতৰে বাবে দিনটো আধৰুৱা যেন লাগে ৷ ভাৰতত চাহপ্ৰেমীৰ অভাৱ নাই, চাহৰ চুমুক নোখোৱাকৈয়ে মানুহে মূৰৰ বিষ আৰু ভাগৰুৱা অৱস্থাৰ সন্মুখীন হ’বলগীয়া হয়, ই সতেজতা আৰু সকাহৰ অনুভৱ দিয়ে ৷ কিন্তু কিছুমান মানুহৰ চাহ খোৱাৰ এক অদ্ভুত নিচা আছে, তেওঁলোকে পুৱাৰ পৰা গধূলিলৈকে কেইবাকাপ চাহ খায়, অৱশ্যে এনে লোকে বুজিব লাগে যে চাহ অত্যধিক সেৱনে স্বাস্থ্যৰ যথেষ্ট ক্ষতিসাধন কৰিব পাৰে ৷ এই সন্দৰ্ভত খাদ্য বিশেষজ্ঞই আমি এদিনত কিমান কাপ চাহ খাব লাগে তথা অধিক চাহ খালে কেনেধৰণৰ পাৰ্শ্বক্ৰিয়া হ’ব পাৰে জানো আহক-

দিনটোত কিমান কাপ চাহ খাব লাগে ?

আমি সকলোৱে জানো যে চাহত কেফেইন থাকে, যিটো স্বাস্থ্যৰ বাবে ইমান উপকাৰী বুলি গণ্য কৰা নহয় ৷ কিন্তু কোনটো ব্ৰেণ্ডত কিমান কেফেইন থাকিব সেয়া চাহপাতৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰে ৷ সাধাৰণতে একাপ চাহত প্ৰায় ৬০ মিলিগ্ৰাম কেফেইন থাকে ৷ সেই অনুসৰি দিনটোত ৩ কাপতকৈ অধিক চাহ খোৱাটো স্বাস্থ্যৰ বাবে বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে ৷

বেছিকৈ চাহ খোৱাৰ পাৰ্শ্বক্ৰিয়া

১/ আইৰণৰ অভাৱ

দিনটোত ৪ কাপ বা তাতকৈ অধিক চাহ খালে এই পানীয়ত থকা টেনিনে শৰীৰত আইৰণ শোষণৰ ক্ষমতা হ্ৰাস কৰে ৷ বিশেষকৈ নিৰামিষভোজীসকলৰ বাবে অত্যধিক চাহ সেৱনে স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে ৷

২/ মূৰ ঘূৰোৱা

চাহত কেফেইনৰ পৰিমাণ অতি বেছি যিয়ে আমাৰ মগজুত বেয়া প্ৰভাৱ পেলাব পাৰে আৰু মূৰ ঘূৰোৱাৰ সৃষ্টি কৰিব পাৰে, সেয়েহে বেছিভাগ স্বাস্থ্য বিশেষজ্ঞই বেছিকৈ চাহ সেৱন নকৰিবলৈ পৰামৰ্শ দিয়ে ৷

৩/ হৃদৰোগ

দিনটোত ৫ৰ পৰা ১০ কাপ চাহ খালে এচিড ৰিফ্লাক্সৰ সমস্যা বাঢ়ি যায়, যাৰ ফলত বুকুৰ অস্বস্তি হ’ব পাৰে ৷ গতিকে আপোনাৰ এই চখটোক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক ৷

৪/ টোপনিৰ অভাৱ

চাহে আপোনাক সতেজতা দিয়ে যাতে আপুনি দিনটোৰ গুৰুত্বপূৰ্ণ কামবোৰ কোনো ধৰণৰ টেনচন নোহোৱাকৈ কৰিব পাৰে, কিন্তু যদি আপুনি নিয়মীয়াকৈ চাহ খাই থাকে তেন্তে আপুনি টোপনি নোহোৱাৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে ৷

লগতে পঢ়ক:ওজন হ্ৰাস কৰাত সঁচাকৈ ফলপ্ৰসূ নে এই ৩বিধ পানীয় ?

ABOUT THE AUTHOR

...view details