আমি সকলোৱে জানো যে অমিতা শৰীৰৰ বাবে কিমান উপকাৰী ৷ অমিতাই মানৱ শৰীৰত যথেষ্ঠ উপকাৰো সাধন কৰে ৷ ওজন হ্ৰাসৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিলৈকে অমিতা খোৱাটো উত্তম ৷ ইয়াৰ উপৰিও ই ছালৰ বহুতো উপকাৰিতা সাধন কৰে ৷ শৰীৰৰ বহু সমস্যাৰ ক্ষেত্ৰত অমিতা কোনো ঔষধতকৈ কম নহয় ৷ কাহৰ সৈতে তেজ ওলোৱা, কেঁচুমূৰীয়া, মূত্ৰনলীৰ সমস্যা আৰু চ’ৰিয়াচিছ, কোষ্ঠকাঠিন্য আৰু কৃমিত অমিতা অতি লাভদায়ক ৷ পকা অমিতা কেঁচুমূৰীয়া ৰোগ আৰু কোষ্ঠকাঠিন্য ৰোগৰ ক্ষেত্ৰত অতিকৈ উপকাৰী ৷ অমিতাত প্ৰচুৰ পেপেন এনজাইম আছে যি মানুহৰ পাকস্থলীত আমিষ খাদ্য হজমত সহায় কৰে ৷ কিন্তু ইয়াক অত্যধিক পৰিমাণ খোৱাৰ ফলত ই আপোনাৰ ক্ষতিও কৰে ৷ সেই ক্ষতিসমূহ নো কি আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক-
পাচনতন্ত্ৰৰ সমস্যা
অমিতাত ফাইবাৰ আৰু এনজাইম পেপেইন পোৱা যায় ৷ যিয়ে পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে ৷ কিন্তু ইয়াক বেছিকৈ খালে আপোনাৰ পাচনতন্ত্ৰৰ ক্ষতি হ’ব পাৰে ৷ যাৰ বাবে ডায়েৰিয়াৰ দৰে সমস্যা হ’ব পাৰে ৷
খজুৱতি বা এলাৰ্জী হোৱা
পেপেইন নামৰ এটা মৌল অমিতাত পোৱা যায় ৷ অতিমাত্ৰা পেপেইন সেৱন কৰিলে শৰীৰত খজুৱতি, ফুলা, ফোঁহা, মূৰৰ বিষ, এলাৰ্জী আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ গতিকে প্ৰয়োজন অনুসৰিহে খাব লাগে ৷
ব্লাড চুগাৰ কম