প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰাৰ সমস্যা সাধাৰণতে পুৰুষ আৰু মহিলা উভয়ৰে গৰমৰ দিনত দেখা যায় ৷ যিটো মানুহে কম পানী খোৱাৰ লগত জড়িত ৷ যিয়ে কেতিয়াবা অতি অস্বস্তিৰ সৃষ্টি কৰে ৷ কিন্তু প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কেৱল গ্ৰীষ্মকালতে নহয়, যিকোনো ঋতুতে হ’ব পাৰে ৷ শৰীৰত পানীৰ অভাৱৰ উপৰিও কিছুমান ভুল অভ্যাসৰ ফলতো এই সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷
বিশেষজ্ঞসকলৰ মতে, প্ৰস্ৰাৱ কৰাৰ সময়ত বিষ বা জ্বলা-পোৰা অনুভৱ কৰাটো প্ৰস্ৰাৱৰ বিকাৰ ৷ যাক ডিছুৰিয়া বোলা হয় ৷ ইয়াৰ লক্ষণসমূহক আওকাণ কৰিলে বা সঠিক সময়ত চিকিৎসা নকৰিলে কেতিয়াবা কিছুমান গুৰুতৰ প্ৰভাৱ পৰিব পাৰে ৷
সেয়ে এই সন্দৰ্ভত পঞ্জাব চণ্ডীগড়ৰ ইউৰ’লজিষ্ট ডাঃ তেজেন্দ্ৰ সিঙে কয় যে ডিছুৰিয়া হৈছে প্ৰস্ৰাৱৰ সাধাৰণ বিকাৰ ৷ য’ত প্ৰস্ৰাৱ কৰাৰ সময়ত মূত্ৰাশয়, মূত্ৰনলী, শ্ৰোণী অঞ্চল আৰু পেৰিনেয়ামত তীব্ৰ বিষ বা জ্বলা-পোৰা অনুভৱ কৰে ৷ বহু কাৰণত এই সমস্যা হ’ব পাৰে ৷
একে সময়তে এই বেমাৰৰ বাবে দায়ী কাৰণৰ ওপৰত নিৰ্ভৰ কৰি ডিছুৰিয়াৰ প্ৰভাৱ কম বেছি পৰিমাণে ভয়াৱহ হ’ব পাৰে ৷ তেওঁ কয় যে ডিছুৰিয়াৰ লক্ষণসমূহ আওকাণ কৰা উচিত নহয় ৷ কাৰণ কেতিয়াবা ইয়াৰ বাবে দায়ী কাৰণসমূহ গুৰুতৰ হ’ব পাৰে ৷ যাৰ ফলত সময়মতে চিকিৎসা নোপোৱাতো বহুতো গুৰুতৰ হৈ পৰিব পাৰে ৷
কাৰণ আৰু লক্ষণসমূহ
ডাঃ তেজেন্দ্ৰ সিঙে কয় যে পুৰুষ আৰু মহিলা উভয়ৰে ডিছুৰিয়াৰ বাবে বহু কাৰণ দায়ী হ’ব পাৰে ৷ শৰীৰত পানীৰ অত্যধিক অভাৱ, প্ৰস্ৰাৱ অধিক সময় ধৰি ৰখাৰ অভ্যাস, যৌন সম্পৰ্কৰ পিচত চাফ-চিকুনৰ ক্ষেত্ৰত অৱহেলা, অপৰিষ্কাৰ অন্তৰ্বাস পৰিধান কৰা আদিৰ লগতে অন্যান্য ভুলৰ ফলত যৌনাংগ, প্ৰজনন অংগ, বৃক্ক, মূত্ৰাশয় বা মূত্ৰনলীত সংক্ৰমণ হ’ব পাৰে ৷ লগতে আন কিছু কাৰকৰ ফলতো এই সমস্যা হ’ব পাৰে ৷ আনকি এই স্বাস্থ্যজনিত সমস্যাবোৰ আওকান কৰিলে কেন্সাৰৰ দৰে গুৰুতৰ ৰোগো হ’ব পাৰে ৷
তেওঁ লগতে এই সন্দৰ্ভত বুজাই কয় যে ইউটিআই অৰ্থাৎ প্ৰস্ৰাৱৰ সংক্ৰমণ (গ’ন’ক’কেল বা ক্ল’মাইডিয়া সংক্ৰমণ)ক ডিছুৰিয়াৰ আটাইতকৈ সাধাৰণ কাৰণ বুলি গণ্য কৰা হয় ৷ যদিও পুৰুষ আৰু মহিলা উভয়ৰে UTI হ’ব পাৰে ৷ তথাপিও পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত এই সমস্যা বেছি দেখা যায় ৷ আচলতে মহিলাৰ ক্ষেত্ৰত প্ৰস্ৰাৱৰ নলী চুটি আৰু পুৰুষৰ ক্ষেত্ৰত দীঘল ৷ এনে পৰিস্থিতিত যেতিয়া বেক্টেৰিয়া বা ঈষ্টৰ বাবে প্ৰস্ৰাৱৰ নলী বা মূত্ৰাশয়ত সংক্ৰমণ হয়, তেতিয়া ই মহিলাসকলক অধিক সোনকালে আক্ৰান্ত কৰে ৷