হিন্দু পঞ্জিকাৰ জেঠ মাহত অহা সকলো মঙলবাৰকে ‘বুধৱা মংগল’ বুলি কোৱা হয় । এইবাৰ মাহৰ প্ৰথমটো ডাঙৰ মঙলবাৰ ২০২৪ চনৰ ২৮ মে’ত পৰিছে । হিন্দু বিশ্বাস, অনুসৰি ‘বুধৱা মংগল’ৰ দিনা হনুমান ভগৱানক সঠিকভাৱে পূজা কৰিলে জীৱনৰ সকলো বিপদৰ পৰা সকাহ পোৱা যায় আৰু ভক্তৰ সকলো ধৰণৰ ভয় আৰু বিপদ আঁতৰি যায় । বিশ্বাস কৰা হয় যে, এই দিনটোত পূজা কৰিলে ভগৱান হনুমানৰ বিশেষ আশীৰ্বাদ পোৱা যায় । ‘বুধৱা মংগল’ কিয় ইমান বিশেষ বুলি গণ্য কৰা হয় সেই বিষয়ে বিতংভাৱে জানো আহক-
বিশ্বাস অনুসৰি জেঠ মাহৰ মঙলবাৰে হনুমানৰ পুৰণি ৰূপটো পূজা কৰাৰ পৰম্পৰা আছে, সেয়েহে এই মাহৰ মঙলবাৰক ‘বুধৱা মংগল’ বুলি জনা যায় । ‘বুধৱা মংগল’ৰ দিনা হনুমানৰ পূজা কৰাৰ সমান্তৰালকৈ শ্ৰীৰামক পূজা কৰাটোও অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় ।
শাস্ত্ৰমতে, ভগৱান শ্ৰী ৰাম আৰু হনুমানৰ প্ৰথম সাক্ষাৎ জেঠ মাহৰ মঙলবাৰ দিনাই হৈছিল, সেইবাবেই জেঠ মাহৰ পৰা সকলো মঙলবাৰকে ‘বুধৱা মংগল’ বুলি কোৱা হয় । প্ৰতি মঙলবাৰে হনুমানক পূজা কৰা হয় যদিও এই বিশেষ দিনটোত তেওঁক পূজা কৰাৰ গুৰুত্ব বেলেগ ।
উল্লেখ্য যে, ‘বুধৱা মংগল’ৰ দিনা হনুমানক পূজা কৰি ভক্তসকলে বুদ্ধি, জ্ঞান আৰু শক্তিৰ আশীৰ্বাদ লাভ কৰিব পাৰে । আজিৰ দিনটোত ৰামভক্ত হনুমানৰ পূজাৰ সমান্তৰালকৈ ভগৱান শ্ৰীৰামক পূজা কৰা হয় । এই দিনটোত হনুমান চালিছা পাঠ কৰিলে সকলো ধৰণৰ ভয়ৰ পৰা সকাহ পোৱা যায় আৰু সুখ-সমৃদ্ধি বৃদ্ধি হয় । আধ্যাত্মিক উন্নতি বিচৰা লোকসকলেও ‘বুধৱা মংগল’ৰ দিনা ভগৱান হনুমানক পূজা কৰি লাভৱান হ’ব পাৰে ।