বাৰিষা অহাৰ লগে লগে প্ৰকৃতি নিশ্চিতভাৱে সেউজীয়া হৈ পৰে, কিন্তু একে সময়তে ই বিভিন্ন ৰোগেও বাহৰ পাতে । লেতেৰা পানীত বিয়পা বীজাণুৱে বহুতো ৰোগৰ জন্ম দিয়ে । মহ, মাখি আৰু দূষিত খাদ্যৰ জৰিয়তে বিয়পি পৰা এই ৰোগবোৰৰ পৰা আমি সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ ৷
এই সন্দৰ্ভত চিকিৎসক নিৰঞ্জন পাটিলে কয় যে, বাৰিষাৰ সময়ত লেতেৰা পানী, প্ৰদূষণ আদি বৃদ্ধিৰ বাবে বহু ধৰণৰ ৰোগৰ সংক্ৰমণ বৃদ্ধি পাবলৈ আৰম্ভ কৰে । বাৰিষাৰ সময়ত আমি নিজৰ লগতে পৰিয়ালৰ স্বাস্থ্যৰ প্ৰতিও বিশেষ গুৰুত্ব দিয়া উচিত । জানো আহক বাৰিষাৰ সময়ত কোনবোৰ ৰোগৰ আশংকা অধিক তথা ইয়াৰ প্ৰতিৰোধৰ উপায় ৷
মেলেৰিয়া
মেলেৰিয়া এনে এক ৰোগ যাৰ লক্ষণসমূহৰ ভিতৰত সাধাৰণতে জ্বৰ আৰু চৰ্দি আদি হোৱা দেখা যায় । তেজৰ পৰীক্ষা আৰু ৰেপিড মেলেৰিয়া এন্টিজেন পৰীক্ষাৰ জৰিয়তে এই ৰোগ ধৰা পৰে । এই ৰোগৰ পৰা হাত সাৰিবলৈ এই সময়ছোৱাত মহ নিবাৰণকাৰী ক্ৰীম, সম্পূৰ্ণ হাত ঢকা কাপোৰ, আঁঠুৱা আৰু খিৰিকীৰ নেট আদি ব্যৱহাৰ কৰিব পাৰে । লগতে ঘৰৰ কোনো ঠাইত পানী জমা হ’বলৈ নিদিব আৰু মহ বিকৃতকাৰী ঔষধ ব্যৱহাৰ কৰিব ।
ডেংগু
ডেংগুৰ লক্ষণসমূহ হ’ল জ্বৰ, ফোহা আৰু চকুৰ পতাত বিষ । গুৰুতৰ ক্ষেত্ৰত ইয়াৰ ফলত ৰক্তক্ষৰণ আৰু অংগ বিকলতাৰ সমস্যাও দেখা দিব পাৰে । ডেংগু এন এছ ১ এন্টিজেন টেষ্ট, ডেংগু আই জি এম এন্টিবডি, ডেংগু আই জি জি এন্টিবডি, ডেংগু পি চি আৰ আৰু ব্লাড কাউণ্টৰ জৰিয়তে ডেংগু ধৰা পৰে । মেলেৰিয়া প্ৰতিৰোধৰ উপায় সমূহেই হ’ল ডেংগু প্ৰতিৰোধ উপায় । লগতে পুৰণি টায়াৰ, ফুলৰ টাব আৰু টেংকত পানী জমা হ’বলৈ নিদিব ।
চিকুনগুনিয়া
চিকুংগুনিয়াৰ ফলত জ্বৰ আৰু গাঁঠিৰ বিষ হয় । চিকুনগুনিয়া আই জি এম এন্টিবডি পৰীক্ষা আৰু চিকুনগুনিয়া আৰ এন এ পি চি আৰৰ দ্বাৰা ইয়াক ধৰা পেলোৱা হয় । মেলেৰিয়া, ডেংগু প্ৰতিৰোধৰ উপায় সমূহেই হ’ল চিকুংগুনিয়া প্ৰতিৰোধৰ উপায় ৷