কামৰ হেঁচা বা আন ব্যক্তিগত তথা পাৰিবাৰিক কাৰণসমূহৰ বাবে সাম্প্ৰতিক সময়ত অধিকাংশ লোকেই যথেষ্ট মানসিক চাপ আৰু উদ্বেগৰ ভুক্তভোগী হয় ৷ ইয়াৰ ফলত ব্যক্তিৰ নিজৰ জীৱনশৈলীতো নেতিবাচক প্ৰভাৱ পৰে ৷ মানসিক চাপৰ বাবে মগজুৱে ভালদৰে কাম কৰিব নোৱাৰে ৷
ফোনত, ছ’চিয়েল মিডিয়াত ঘণ্টাৰ পিচত ঘণ্টা সময় কটালে, গতানুগতিক জীৱনৰ প্ৰভাৱ আদি কাৰণৰ লগতে প্ৰকৃতিৰ পৰা বাঢ়ি অহা দূৰত্বৰ ফলতো মানুহে মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰিব পাৰে ৷ এনে অৱসাদৰ পৰাই লাহে লাহে আৰম্ভ হয় বহুতো শাৰীৰিক আৰু মানসিক সমস্যা ৷
যেতিয়া আমি মানসিক অৱসাদ অনুভৱ কৰো, তেতিয়াই আমাৰ মাজত এলাহৰ ভাৱ আহে আৰু মানসিক স্বাস্থ্যও প্ৰভাৱিত হয় ৷ ইয়াৰ বাবেই দৈনন্দিন জীৱনতো সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে ৷ এনে পৰিস্থিতিত কিছুমান অভ্যাস মানি চলিব পাৰে, যি আপোনাক মানসিকভাৱে সবল আৰু সক্ৰিয় কৰি ৰাখিব ৷ এই অভ্যাসবোৰৰ বিষয়ে জানো আহক…
ৱৰ্ক আউট
যদি আপুনি নিজকে মানসিকভাৱে সক্ৰিয় কৰি ৰাখিব বিচাৰে তেন্তে দিনটোত কমেও এঘণ্টা সময় ৱৰ্ক আউট কৰক ৷ আপুনি সাঁতোৰা, দৌৰা, জগিং আৰু নৃত্যৰ দৰে কাম কৰিব পাৰে ৷ এনে কাৰ্যৰ দ্বাৰা আপোনাৰ শৰীৰটোও সুস্থ হৈ থাকিব ৷