চিটাৰা ডেস্ক, 31 মে’ : তেলুগু ছুপাৰষ্টাৰ মহেশ বাবুৱে জন্ম বাৰ্ষিকীত পিতৃ তথা প্ৰবীণ অভিনেতা কৃষ্ণক স্মৰণ কৰিছে । ৮১ সংখ্যক জন্ম জয়ন্তীত প্ৰয়াত পিতৃক শ্ৰদ্ধাঞ্জলি জনাই ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে অভিনেতাগৰাকীয়ে ।
নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত মহেশ বাবুৱে প্ৰয়াত পিতৃৰ এখন ভিনটেজ ফটো শ্বেয়াৰ কৰি লিখিছে, "হেপী বাৰ্থডে নান্না... তোমাক গভীৰভাৱে মিছ কৰা হৈছে আৰু মোৰ জীৱনৰ প্ৰতিটো স্মৃতিতে সদায় জীয়াই থাকিব !♥️♥️♥️"
প্ৰথমে ঘট্টমনেনী শিৱৰাম কৃষ্ণমূৰ্তি নামেৰে জনাজাত কৃষ্ণ তেলেগু চিনেমাৰ এগৰাকী বিশিষ্ট ব্যক্তি আছিল ৷ ৩৫০ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল তেওঁ । প্ৰডাকচন আৰু পৰিচালনাৰ ক্ষেত্ৰতো আগবাঢ়ি যোৱা কৃষ্ণই ২০০৯ চনত পদ্মভূষণ বঁটা লাভ কৰিছিল ।
১৯৬৫ চনত অদুৰ্থী চুব্বা ৰাওৰ পৰিচালনাত নিৰ্মিত ৰোমান্টিক নাটক থেনে মনছুলু (Thene Manasulu)ৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ অভিষেক ঘটায় ৷ ২০২২ চনৰ ১৫ নৱেম্বৰত হায়দৰাবাদত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ ৷