চিটাৰা ডেস্ক, 20 মে’ :অভিনেত্ৰী য়ামী গৌতম আৰু চলচ্চিত্ৰ নিৰ্মাতা আদিত্য ধৰে যোৱা ১০ মে’ত এটি ল’ৰা সন্তানক আদৰণি জনায় । আৰ্টিকেল ৩৭০ ছবিকে ধৰি কেইবাটাও প্ৰজেক্টত সহযোগিতা কৰা দম্পতীটোৱে ছ’চিয়েল মিডিয়াত পুত্ৰ সন্তানৰ আগমনৰ কথা ঘোষণা কৰে । প্ৰথমবাৰৰ বাবে পিতৃ-মাতৃ হোৱাৰ গৌৰৱ লাভ কৰা য়ামী-আদিত্যই সন্তানৰ নাম ৰাখিলে এটি সংস্কৃত শব্দৰে ৷ জানো আহকচোন নামটোৰ লগতে নামটোৰ অৰ্থ কি ?
সোমবাৰে ইনষ্টাগ্ৰামত ভাৰতীয় পৌৰাণিক কাহিনীৰ পৰা অনুপ্ৰাণিত হৈ এখন ছবি শ্বেয়াৰ কৰে দম্পতীটোৱে, য’ত মাতৃ আৰু পুত্ৰক দেখিবলৈ পোৱা গৈছে ৷ তাত লিখা আছে, "আমাৰ মৰমৰ পুত্ৰ বেদাবিদৰ আগমনৰ কথা ঘোষণা কৰি আমি ৰোমাঞ্চিত হৈছো, যিয়ে অক্ষয় তৃতীয়াৰ শুভ দিনটোত জন্ম লাভ কৰি আমাক ধন্য কৰিছিল । অনুগ্ৰহ কৰি তেওঁক আপোনালোকৰ আশীৰ্বাদ আৰু মৰম দেখুৱাওক ।" এই বেদাবিদ শব্দৰ অৰ্থ হৈছে বেদত দখল থকা ব্যক্তি ৷
তেওঁলোকে পোষ্টটোৰ সৈতে এটা আন্তৰিক টোকা লিখিছিল, "আমি সূৰ্য চিকিৎসালয়ৰ অসাধাৰণভাৱে সমৰ্পিত আৰু আশ্চৰ্যকৰ চিকিৎসা বৃত্তিধাৰীসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰো, বিশেষকৈ ড. ভূপেন্দৰ অৱস্থী আৰু ড. ৰঞ্জনা ধনু, যাৰ দক্ষতা আৰু অক্লান্ত প্ৰচেষ্টাই এই সুখৰ মুহূৰ্তটো সম্ভৱ কৰি তুলিছিল ।"