চিটাৰা ডেস্ক, ২০ ফেব্ৰুৱাৰী: বলীউডৰ অভিনেতা কাৰ্তিক আৰিয়ান এইকেইদিন তেওঁৰ আগন্তুক ছবি ‘চান্দু চেম্পিয়ন’ৰ বাবে চৰ্চাত আছে । ইয়াৰ মাজতে এতিয়া অভিনেতাগৰাকীক লৈ আহিছে আন এটা ভাল খবৰ, যিটো শুনি নিশ্চয় তেওঁৰ অনুৰাগীসকল আনন্দিত হ’ব ৷ মহিলা প্ৰিমিয়াৰ লীগত পাৰ্ফৰ্ম কৰিব অভিনেতাগৰাকীয়ে । ২৩ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব মহিলা প্ৰিমিয়াৰ লীগ (WPL 2024)ৰ দ্বিতীয় ছিজন । ১৭ মাৰ্চলৈ চলিব লগা এই প্ৰতিযোগিতাখন বেংগালুৰু আৰু দিল্লীত অনুষ্ঠিত হ’ব ।
ডব্লিউ পি এলত নৃত্য প্ৰদৰ্শন কৰিব কাৰ্তিক আৰিয়ানে
এইবাৰ মহিলা প্ৰিমিয়াৰ লীগ (WPL 2024)ত দেখা বলীউডৰ চমক ৷ মুকলি সভাত জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰিয়ানে সকলোকে নিজৰ নৃত্যৰে আপ্লুত কৰিব । এইখিনিতে উল্লেখ কৰিব লাগিব যে, মহিলা প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনত কিয়াৰা আদবানী আৰু কৃতি ছেননে নৃত্য প্ৰদৰ্শনেৰে প্ৰতিযোগিতাখনিৰ আৰম্ভণি কৰিছিল ৷ কিন্তু এইবাৰৰ ছিজনত কাৰ্তিক আৰিয়ানে নৃত্য প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব । WPL এ নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰি এই তথ্য দিছে ।
কাৰ্তিক আৰিয়ানৰ ৱৰ্কফ্ৰণ্ট