অসম

assam

ETV Bharat / entertainment

ভাৰতৰ বাবে ইতিহাস ৰচনা কৰা ৰাচেল গুপ্তা কোন

প্ৰথমবাৰৰ বাবে মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেলৰ খিতাপ দখল কৰি ভাৰতৰ বাবে ইতিহাস ৰচনা কৰিছে ৰাচেল গুপ্তাই ।

Who is Rachel Gupta who Make History As First Indian To Win Miss Grand International 2024
ৰাচেল গুপ্তা কোন (ANI- IMAGE)

By ETV Bharat Entertainment Team

Published : Oct 26, 2024, 5:47 PM IST

মুম্বাই :পঞ্জাৱৰ ৰাচেল গুপ্তাই এক সৌন্দৰ্য প্ৰতিযোগিতাত ভাৰতৰ বাবে ইতিহাস সৃষ্টি কৰিছে । ৰাচেলে বিদেশত মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেলৰ খিতাপ জয় কৰি বিশ্বজুৰি দেশৰ নাম আলোকিত কৰিছে । ফাইনেলত ৰাচেলে মিছ ফিলিপাইনছক পৰাস্ত কৰে ।

পঞ্জাৱৰ জলন্ধৰৰ বাসিন্দা ৰাচেলে বেংককত অনুষ্ঠিত এই প্ৰতিযোগিতাত মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেলৰ খিতাপ অৰ্জন কৰি দেশ আৰু তেওঁৰ ৰাজ্যৰ নাম জিলিকাইছে ।

কোন কোন সুন্দৰীক পৰাস্ত কৰিলে ৰাচেল গুপ্তাই

মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেলৰ মুকুট অৰ্জন কৰা ৰাচেল গুপ্তা ভাৰতৰ প্ৰথম আৰু এছিয়াৰ তৃতীয়গৰাকী ব্যক্তি হিচাপে পৰিগণিত হৈছে । এই প্ৰতিযোগিতাত ৰাচেলে ফিলিপাইনছৰ ক্ৰিষ্টিন জুলিয়েন ওপিয়াজ্জাক পৰাস্ত কৰে ।

প্ৰতিযোগিতাত ম্যানমাৰৰ থাই চু নেন, ফ্ৰান্সৰ সাফিটো কাবেংগেল আৰু ব্ৰাজিলৰ তালিতা হাৰ্টমেন তৃতীয়, চতুৰ্থ, পঞ্চম স্থানত আছে । খিতাপ দখলকাৰী পেৰুৰ লুচিয়ানা ফুষ্টাৰে ৰাচেল গুপ্তাক মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেল হিচাপে মুকুট পিন্ধায় ।

উল্লেখ্য যে, ৰাচেলে এই প্ৰতিযোগিতাৰ আগতে পেৰিছত ছুপাৰ টেলেণ্ট অফ দ্য ৱৰ্ল্ড এৱাৰ্ড লাভ কৰিছে । ৬০ খন দেশৰ ৬০ গৰাকী সুন্দৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল । ছুপাৰ টেলেণ্ট অফ দ্য ৱৰ্ল্ড প্ৰতিযোগিতাত ৰাচেলে পোলেণ্ডৰ ভেৰোনিকা নোভাকৰ সৈতে বঁটাটো শ্বেয়াৰ কৰে । ইয়াৰ পূৰ্বে, ১৯৭০ চনত প্ৰবীণ অভিনেত্ৰী জিনাত আমানক ছুপাৰ টেলেণ্ট অফ দ্য ৱৰ্ল্ড উপাধি প্ৰদান কৰা হৈছিল ।

ৰাচেল গুপ্তাৰ বিষয়ে

মাত্ৰ ২০ বছৰীয়া ৰাচেল গুপ্তাৰ পৰিয়ালে জলন্ধৰৰ আৰ্বান ইষ্টেটত বাস কৰে । ৰাচেল গুপ্তাই মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেল ২০২৪ ৰ খিতাপ জয় কৰাৰ আগতে মিছ গ্ৰেণ্ড ইণ্ডিয়া ২০২৪ ৰ মুকুট পিন্ধিছিল আৰু তাৰ পিছত মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেল ২০২৪ ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ।

২০০৪ চনৰ ২৪ জানুৱাৰীত জন্মগ্ৰহণ কৰা ৰাচেল গুপ্তাৰ উচ্চতা ৫.১০ ফুট । ১৮ বছৰ বয়সতে ৰাচেল গুপ্তাই ২০২২ চনৰ ২৮ ছেপ্টেম্বৰত পেৰিছত অনুষ্ঠিত হোৱা মিছ ছুপাৰটেলেণ্ট ছিজন 15-ত অংশগ্ৰহণ কৰিছিল । একে সময়তে, ২০২৪ চনৰ মে মাহত ৰাজস্থানৰ জয়পুৰত ৰাচেল গুপ্তাই মিছ গ্ৰেণ্ড ইণ্ডিয়া ২০২৪ ৰ মুকুট পিন্ধিছিল ।

ইয়াৰ উপৰিও, ৰাচেল গুপ্তাই মিছ টপ মডেলৰ উপশীৰ্ষক বঁটা লাভ কৰে । ৰাচেলে ৰেম্প ৱাকত শ্ৰেষ্ঠ মডেল, বিউটি উইথ পাৰপজ আৰু শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় পোছাক বঁটা লাভ কৰিছে । ৰাচেল গুপ্তা ছ'চিয়েল মিডিয়াত অতি সক্ৰিয় আৰু প্ৰতিদিনে তেওঁৰ ধুনীয়া ফটো শ্বেয়াৰ কৰি থাকে । ১ মিলিয়নতকৈয়ো অধিক অনুৰাগীয়ে ইনষ্টাগ্ৰামত ৰাচেলক অনুসৰণ কৰে ।

লগতে পঢ়ক :যাৰ চকুৰ মায়াত বিলীন সকলো, সেইগৰাকী অভিনেত্ৰীৰ অনুৰাগী নিকিতা

ABOUT THE AUTHOR

...view details