চিটাৰা ডেস্ক, 12 এপ্ৰিল :বিটাউনত এনে বহুত যুটি আছে যি অনুৰাগীৰ মনত সাঁচ বহুৱাই থৈ গৈছে ৷ তেনে এটা যুটিয়েই হ’ল 2004 চনত মুক্তি লাভ কৰা থ্ৰীলাৰ ছবি মাৰ্ডাৰৰ অভিনেতা- অভিনেত্ৰী ইমাৰান হাছমী আৰু মল্লিকা শ্বেৰাৱত ৷ দুয়োগৰাকীৰ যুটি সেই সময়ত জনপ্ৰিয় যুটি আছিল ৷ দুয়োৰে ব’ল্ড অভিনয়ে অনুৰাগীৰ মনত তেনেদৰেই সজীয় হৈ আছে ৷
শেহতীয়াকৈ চলচ্চিত্ৰ প্ৰযোজক আনন্দ পণ্ডিতৰ কন্যাৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত বহু তাৰকা উপস্থিত হোৱাৰ লগতে উপস্থিত হৈছিল এই যুটিটোও ৷ প্ৰায় 20 বছৰৰ পিচত একেলগে দেখা গ’ল ইমৰান আৰু মল্লিকাক ৷ পাপ্পাৰাজীৰ কেমেৰাত বন্দী হৈছে দুয়োয়ে দুয়োকে লগ পাই আলিংগন কৰাৰ লগতে কেমেৰাৰ বাবে প’জ দিয়াৰ ভিডিঅ’ ৷ এই ভিডিঅ’ই এতিয়া সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে ৷
দুয়োগৰাকীকে একেলগে দেখি পাপ্পাৰাজীয়েই উল্লাস কৰাৰ লগে লগে, ইমৰান আৰু মল্লিকাই হাঁহি আৰু লাজ বন্ধ কৰিব নোৱাৰিলে । ইমৰান আৰু মল্লিকাৰ ছবি আৰু ভিডিঅ'বোৰে অনুৰাগীসকলক "নষ্টালজিক" কৰি তুলিছিল ।