অসম

assam

ETV Bharat / entertainment

বেহেলা বাদক মাণিক বৰাৰ দেহাৱসান - VIOLINIST MANIK BORA

অসমৰ বোলছবি জগতৰ বসন্ত মাণিক খ্যাত মাণিক বৰা আৰু নাই । স্তব্ধ হ'ল অসমৰ প্ৰখ্যাত বেহেলা বাদক মাণিক বৰাৰ বেহেলা ।

assam-entertainment-industrys-popular-face-violinist-manik-bora-passes-away
বেহেলা বাদক মাণিক বৰা আৰু নাই (ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : Nov 29, 2024, 12:50 PM IST

গোলাঘাট :অসমৰ সংগীত জগতৰ ভোটাতৰা স্বৰূপ মাণিক বৰা আৰু নাই । বৃহস্পতিবাৰে গোলাঘাটৰ পুৰণা আমোলাপট্টীস্থিত বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পীগৰাকীয়ে । তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অজস্ৰ গুণমুগ্ধই ভিৰ কৰেহি বাসগৃহত ।

তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গোলঘাটৰ বিশিষ্ট নিৱন্ধকাৰ ড৹ অজিত বৰুৱাই কয় যে কেৱল গোলাঘাটৰেই নহয় অসমৰ সংগীত জগতৰ এগৰাকী বিশিষ্ট ব্যক্তি মাণিক বৰা চিৰদিনৰ বাবে আঁতৰি গ'ল । কলকাতাত গৈ সংগীতৰ শিক্ষা লৈ ঘূৰি অহা মাণিক বৰাই অসমৰ সংগীত জগতত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল ৷

গুণমুগ্ধৰ ভাষ্য (ETV Bharat Assam)

গোলাঘাটৰ বিশিষ্ট কথাছবি পৰিচালক প্ৰয়াত শিৱপ্ৰসাদ ঠাকুৰৰ ‘মমতা’ নামৰ ছবিখনত প্ৰথমবাৰৰ বাবে কাম আৰম্ভ কৰাৰ পাছত বসন্ত-মাণিক এই দুজন সংগীতশিল্পীয়ে একলগে কাম কৰি অসমীয়া কথাছবি জগতত বিশেষ চৰ্চা লাভ কৰিছিল । ইয়াৰ উপৰিও গোলাঘাটৰ সংগীত জগতত ৰূপবন কলাক্ষেত্ৰ নামৰ এখন সংগীত মহাবিদ্যালয় স্থাপন কৰি অধ্যক্ষৰ দায়িত্ব লৈ অজস্ৰজনক বিভিন্ন ধৰণৰ সংগীত শিক্ষাৰে আগবঢ়াই নিছিল তেওঁ ।

বেহেলা বাদক মাণিক বৰা (ETV Bharat Assam)

ড৹ অজিত বৰুৱাই লগতে কয়, "সামগ্ৰীকভাৱে গোলাঘাটৰ সংগীত জগতত মাণিক বৰাৰ স্থান আজিও একক আৰু অনন্য । তেনে এজন ব্যক্তিক গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটিৰ সৰ্বোচ্চ সন্মান এমেচাৰ থিয়েটাৰ ছ’চাইটি বঁটাৰে আমি সন্মানিত কৰিছিলো । মঞ্চত তেখেতে যেতিয়া বেহেলা বজাইছিল তেতিয়া মানুহে মন্ত্ৰমুগ্ধ হৈ শুনিছিল ৷ গতিকে আমাৰ কাৰণে অত্যন্ত দুখৰ খবৰ যে তেনে এজন ব্যক্তিক আমি হেৰুৱালো ৷ মই তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰাৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনালো ।"

মাণিক বৰাৰ মৃত্যু গোলাঘাট তথা অসমৰ সংগীত জগতৰ বাবে এক ডাঙৰ ক্ষতি । ইয়াৰ উপৰিও বসন্ত বৰদলৈ আৰু মানিক বৰা এই দুইজনৰ যি যুটি, সেই যুটিয়ে অসমৰ কেইবাখনো কথাছবিত সুন্দৰ সংগীতৰ প্ৰয়োগেৰে অসমীয়া ছবিজগতক সমৃদ্ধ কৰি তুলিছিল ৷

বেহেলা বাদক মাণিক বৰা আৰু নাই (ETV Bharat Assam)

আনহাতে তেখেতৰ মৃত্যুৰ খবৰ লাভ কৰি বাসগৃহত উপস্থিত হয় বীৰেন গগৈ নামৰ তেখেতৰ এগৰাকী অনুৰাগী ৷ বীৰেন গগৈয়ে কয় যে কেনেদৰে তেওঁ, তেওঁৰ বন্ধু প্ৰজ্ঞা গোঁহাই, বাবুল আহমেদ সকলোৱে মাণিক বৰাৰ পৰা সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল ৷ বহু শিকাৰুক কোনোধৰণৰ পাৰিশ্ৰমিক নোলোৱাকৈয়ে তেখেতে সংগীতৰ শিক্ষা প্ৰদান কৰিছিল ।

তেখেত অসমৰ কথাছবি জগতৰ লগত জড়িত হৈ থকাৰ কথাও সোঁৱৰে গগৈয়ে । সেই সময়ত বসন্ত-মানিক নামেৰে জনাজাত যুটিয়ে ঘৰ সংসাৰৰ লগতে আৰু বহু অসমীয়া কথাছবিৰ সংগীত পৰিচালক হিচাপে কাম কৰিছিল ।

লগতে পঢ়ক :মই মোৰ ভিতৰত থকা শিল্পীসত্তাটো হেৰুৱাব নোখোজো...

ABOUT THE AUTHOR

...view details