অসম

assam

ETV Bharat / entertainment

দক্ষিণৰ চলচ্চিত্ৰ নিৰ্মাতাৰ ছবিত মুখ্য ভূমিকাত অসমৰ প্ৰীতি কংকণা - PREETY KONGANA RAVI JANGHU MOVIE

6 টাকৈ ভাষাত মুক্তি পাবলগীয়া ছবি ‘ৱাৰদাৰাজু গোবিন্দম’ ত মুখ্য চৰিত্ৰত অভিনয়ৰ সুযোগ লাভ অভিনেত্ৰী প্ৰীতি কংকণাৰ ৷

Varadaraju Govindam teaser launch event in guwahati
নতুন প্ৰকল্প (ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : Nov 7, 2024, 2:19 PM IST

গুৱাহাটী :অসমীয়াৰ বাবে গৌৰৱৰ বিষয় ৷ দাক্ষিণাত্যৰ পৰ্দাত জিলিকি উঠিব অভিনেত্ৰী প্ৰীতি কংকণা ৷ এটা নতুন প্ৰজেক্ট ‘ৱাৰদাৰাজু গোবিন্দম’ ৷ অসমীয়া ভাষাত নিৰ্মাণ হোৱা ছবিখন তেলুগু, হিন্দী, তামিল, কান্নাড়া আৰু মালায়ালম ভাষাতো মুক্তি পাব ৷ শীঘ্ৰেই ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি ‘ৱাৰদাৰাজু গোবিন্দম’ । মঙলবাৰে আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ টিজাৰ মুকলি কৰা হয় ।

হায়দৰাবাদৰ জ্যেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা ভি. সমুদ্ৰ ৰাওৰ পৰিচালনাত নিৰ্মাণ হ’বলগীয়া ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰবি জাংঘু আৰু অসমৰ অভিনেত্ৰী প্ৰীতি কংকণাই । ইফালে প্ৰথমবাৰৰ বাবে দক্ষিণ ভাৰতীয় ছবিত অভিনয় কৰি সুখী অনুভৱ কৰিছে বুলি উল্লেখ কৰে অভিনেত্ৰী প্ৰীতি কংকণাই ।

6 টাকৈ ভাষাত মুক্তি পাব এখন অসমীয়া চিনেমা (ETV Bharat Assam)

অভিনেত্ৰী গৰাকীয়ে কয়, “দক্ষিণৰ ছবিৰ উদ্যোগটো গোটেই ভাৰতৰ ভিতৰতে ডাঙৰ আৰু অসমীয়া ছবি উদ্যোগ সমগ্র দেশৰ ভিতৰতে পুৰণি উদ্যোগ । গতিকে উত্তৰৰ পৰা দক্ষিণলৈ যিখন দলং, মই ইমান সোনকালে কিবা এটা হ’ব বুলি ভবা নাচিলো । কিন্তু মই যে এইটো সুযোগটো পাইছো আৰু তেওঁলোকে যে ইমান মৰমত মোক আঁকোৱালি লৈছে তাৰ বাবে মই সুখী অনুভৱ কৰিছো ।” ইয়াৰ লগতে তেলুগু আৰু অসমীয়া চলচ্চিত্ৰৰ ভ্ৰাতৃত্ববোধৰ এক অনন্য সহযোগিতাৰ নিদৰ্শন এই ছবিখনে অসমীয়া চিনেমাক অন্য এক মাত্ৰা প্ৰদান কৰিব বুলি আশা প্ৰকাশ অভিনেত্ৰীগৰাকীৰ লগতে সমূহ কলা-কুশলীৰ ।

আনহাতে ভি. সমুদ্ৰৰ দ্বাৰা পৰিচালিত এই ছবিখনত সহযোগী পৰিচালক হিচাপে আছে ক্ৰমে চন্দন কুমাৰ, ভেংকটেশ আৰু নয়না তালুকদাৰ । সংগীত কৰিছে অসমৰেই পলাশ সূৰ্য গগৈয়ে । লগতে ছবিখনত অভিনয় কৰিছে জ্যোতি নাৰায়ণ নাথ, দেৱজিৎ মজুমদাৰ, বিনোদ লাল দাস, বিশাল বিন্দাস গগৈকে ধৰি অসমৰ আন আন প্ৰতিভাৱান অভিনেতা-অভিনেত্ৰীয়ে ।

লগতে পঢ়ক :শেষ হোৱাৰ দিশে প্ৰিয় ধাৰাবাহিক, এতিয়া কি চাব ?

ABOUT THE AUTHOR

...view details