চিটাৰা ডেস্ক, 18 জুলাই:ভালপোৱা কামটোৱেই যেতিয়া জীৱন কাঢ়ি নিয়ে, তাতকৈ দুখৰ কথা কি হ’ব পাৰে ! মুম্বাইৰ 27 বছৰীয়া চাৰ্টাৰ্ড একাউণ্টেণ্ট আনভী কামদাৰে আকৰ্ষণীয় কন্টেন্ট সৃষ্টিৰ প্ৰতি থকা তেওঁৰ নিচাক অনুসৰণ কৰিয়ে জীৱন হেৰুৱাবলগীয়া হয় । মঙলবাৰে মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাত সংঘটিত হয় এই ঘটনা । কেবাগৰাকীও বন্ধু-বান্ধৱৰ সৈতে মনগাঁৱৰ কুম্ভে জলপ্ৰপাতটো পৰিদৰ্শন কৰিছিল কামদাৰে ৷ ইনষ্টাগ্ৰাম ৰীলছৰ বাবে ভিডিঅ’ত জলপ্ৰপাতটোৰ দৃশ্য বন্দী কৰি থকাৰ সময়তে কামদাৰ ভুলবশতঃ পিছলি ৩০০ ফুট দ খাৱৈত পৰি যায় ।
মনগাঁও আৰক্ষী থানাৰ বিষয়াই জনাইছে যে মুম্বাইৰ মুলুন্দৰ বাসিন্দা কামদাৰক তেওঁৰ বন্ধুসকলে কৰ্তৃপক্ষক অৱগত কৰাৰ পিচতে ততাতৈয়াকৈ ওচৰৰ মনগাঁও তালুকা চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হৈছিল । দুৰ্ভাগ্যবশতঃ চিকিৎসাৰ সময়ত তেওঁ মৃত্যুবৰণ কৰে । আনভীৰ মৃত্যুৰ বাতৰিৱে সামাজিক মাধ্যম শোকাকুল কৰি তুলিছে, য'ত তেওঁ তেওঁৰ মনোমোহা ভ্ৰমণ সমলৰ বাবে জনাজাত আছিল ।