নিউজ ডেস্ক, ২২ এপ্ৰিল : ৰুছৰ গ'ল্ডেন ৰেভেন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবি হিচাপে বিজয়ী ঘোষিত হৈছে অসম সন্তান মহৰ্ষি তুহিন কাশ্যপৰ চুটি ছবি, 'মোৰ ঘোঁৰাৰ দূৰন্ত গতি' (The Horse from Heaven) এ ৷ ২০২৩ চনৰ একাডেমী বঁটা অৰ্থাৎ Oscar Awards ত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল এই চুটি ছবিখনে ৷
ৰুছৰ চুকতকা স্বায়ত্ব-শাসিত অঞ্চলৰ এনাডিৰ(Anadyr) চহৰত গ’ল্ডেন ৰেভেন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয় । এই বঁটা বিতৰণী অনুষ্ঠানত ছবি নিৰ্মাতাসকলৰ হৈ সগৌৰৱে বঁটা গ্ৰহণ কৰে ৰুছত থকা ভাৰতীয় এম্বেছীৰ প্ৰতিনিধিয়ে ।
উল্লেখনীয় যে, ২০২২ চনত বাংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰাৰ পিচত অস্কাৰৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অর্জন কৰিছিল এই চুটি ছবিখনে । মহৰ্ষি তুহিন কাশ্যপৰ ছবিখনেই হৈছে প্ৰথম অসমীয়া চুটি ছবি যিয়ে অস্কাৰৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰিছিল ।
এই ছবিখনে ২০২২ চনত ৰুছৰ মস্কোত থকা পৃথিৱীৰ আটাইতকৈ পুৰণি আৰু বিশ্ববিখ্যাত film school,(চলচ্চিত্ৰ বিদ্যালয়) All-Russian State Institute of Cinematography named after S. A. Gerasimov অৰ্থাৎ VGIK (ভিগিক)ত অনুষ্ঠিত VGIK চলচ্চিত্ৰ মহোৎসৱতো শ্ৰেষ্ঠ ছবি হিচাপে পুৰস্কৃত হয় ৰাজ্যলৈ সন্মান কঢ়িয়াই আনে । লেনিনে ১৯১৯ চনতে VGIK স্থাপন কৰিছিলে ।
Video যোগে প্ৰেৰণ কৰা বাৰ্তাত মহৰ্ষি তুহিন কাশ্যপে গ'ল্ডেন ৰেভেন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উপস্থিত দৰ্শকক ধন্যবাদ জনায় ৷ লগতে তেওঁ কয় "পৃথিৱীত বিভিন্ন দেশত মানুহৰ কষ্ট দুখবোৰ শেষ হোৱাৰ কামনা কৰিছো, লগতে যুদ্ধ শেষ হৈ শান্তিৰ পৰিস্থিতি ঘূৰি আহক বুলি কামনা কৰিছো।"