চিটাৰা ডেস্ক, 20 জুলাই :19 জুলাইত মুম্বাইত অনুষ্ঠিত হোৱা এক বঁটা বিতৰণী অনুষ্ঠানত সুস্মিতা সেন আৰু ৰহমান শ্বলক একেলগে উপস্থিত হোৱা দেখা যায় । বিচ্ছেদ হোৱাৰ পিচতো তেওঁলোক ঘনিষ্ঠ বন্ধু হৈ আছে ৷ অনুষ্ঠানটোৰ পৰা শেহতীয়া ভিডিঅ’ আৰু ফটোত ৰহমানক সুৰক্ষামূলক প্ৰেমিক হিচাপে দেখা গৈছে ৷ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এই ফটো আৰু ভিডিঅ’ই বহু জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে ।
ইনষ্টাগ্ৰামত এজন পাপাৰাজ্জই শ্বেয়াৰ কৰা এটা ভিডিঅ’ত সুস্মিতা সেন আৰু ৰহমান শ্বলক একেলগে অনুষ্ঠানৰ পৰা ওলাই অহা দেখা গৈছে ৷ ভিৰৰ মাজেৰে খোজকাঢ়ি গৈ থাকোতে ৰহমান সুস্মিতাৰ কাষতে আছিল ৷ তেওঁ নিশ্চিত কৰে যে ভিৰৰ মাজত যাতে সুস্মিতাই অশান্তি নাপায় । এজন অনুৰাগীয়ে ছেল্ফি ক্লিক কৰিবলৈ অহাৰ লগে লগে ৰহমানে সুস্মিতাৰ পিছফালে সুৰক্ষামূলকভাৱে হাতখন আগবঢ়াই দিয়াও দেখা যায় ।
বাহিৰলৈ ওলাই অহাৰ লগে লগে ৰহমান শ্বলে আগভাগ লৈ সুস্মিতাক তেওঁলোকৰ ৰৈ থকা গাড়ীখনৰ ওচৰলৈ লৈ যায় । অনুষ্ঠানটোত সুস্মিতাই হীলছৰ সৈতে যোৰ কৰা জিলিকি থকা ক’লা পোছাকেৰে সকলোৰে চকু কপালত তুলিছিল, আনহাতে ৰহমানে বগা চাৰ্ট আৰু ক’লা পেণ্টৰ ক্লাছিক কম্বিনেশ্যন বাছি লৈছিল । অনুৰাগীসকলে পোষ্টটো প্ৰশংসাৰে উপচাই পেলাই, তেওঁলোকক "ধুনীয়া দম্পতী" বুলি অভিহিত কৰে আৰু ৰহমানক তেওঁৰ সুৰক্ষামূলক স্বভাৱৰ বাবে প্ৰশংসা কৰে ।