অসম

assam

ETV Bharat / entertainment

কলাক্ষেত্ৰত চৰকাৰী ইনভেষ্টিগেটৰ - DRAMA IN KALAKSHETRA

২৫০ৰো অধিক দৰ্শকৰ সন্মুখত মঞ্চস্থ ‘‘চৰকাৰী ইনভেষ্টিগেটৰ’’ । সৰ্বমুঠ ১৫ গৰাকী অভিনেতা-অভিনেত্ৰীৰ দ্বাৰা মঞ্চস্থ কৰা হয় নাটখনি ।

'Sorkari Investigator' drama screened at Kalakshetra
কলাক্ষেত্ৰত চৰকাৰী ইনভেষ্টিগেটৰ (ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : Nov 17, 2024, 11:38 AM IST

গুৱাহাটী: গুৱাহাটী থিয়েটাৰ ছ’চাইটিয়ে সাংস্কৃতিক মঞ্চৰ উদ্যোগত নিকোলাই গগলৰ ব্যংগ মাষ্টাৰপিছ ‘‘দ্য গভৰ্ণমেণ্ট ইন্সপেক্টৰ’’ৰ অসমীয়া অভিযোজন ‘‘চৰকাৰী ইনভেষ্টিগেটৰ’’ৰ বহু প্ৰত্যাশিত প্ৰথম প্ৰদৰ্শনী অনুষ্ঠিত হয় । শেহতীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত মঞ্চস্থ হোৱা নাটকখন ২৫০-ৰো অধিক নাট্যপ্ৰেমীয়ে উপভোগ কৰে ।

গুৱাহাটী থিয়েটাৰ ছ’চাইটিৰ সভানেত্ৰী গায়ত্ৰী শৰ্মাৰ পৰিচালনাত নিৰ্মিত এই অভিযোজনে দুৰ্নীতিৰ ওপৰত আজিৰ পৃথিৱীৰ বাবে কালজয়ী তথা প্ৰাসংগিক যেন অনুভৱ হোৱা এক শক্তিশালী বাৰ্তা প্ৰদানৰ জৰিয়তে দৰ্শকক গভীৰভাৱে প্ৰভাৱান্বিত কৰে । এডিনবাৰ্গ ফ্ৰিঞ্জ ফেষ্টিভেলকে ধৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় নাট্য জগতত অভিজ্ঞতাপুষ্ট শৰ্মাৰ নিজস্ব দক্ষতাৰ প্ৰয়োগে মঞ্চস্থ নাটকখন আকৰ্ষণীয় আৰু চিন্তা-উদ্দীপক এই দুয়োটা প্ৰভাৱৰ উপস্থিতি সুনিশ্চিত কৰে ।

কলাক্ষেত্ৰত চৰকাৰী ইনভেষ্টিগেটৰ (ETV Bharat Assam)

নাটকখনৰ বিষয়ে শৰ্মাই কয়, “চৰকাৰী ইনভেষ্টিগেটৰে দুৰ্নীতিৰ বিষয়টো দাঙি ধৰিছে, যি সমগ্ৰ বিশ্বত প্ৰাসংগিক হৈয়েই আছে । আমাৰ লক্ষ্য কেৱল মনোৰঞ্জন প্ৰদান কৰাই নাছিল, বৰঞ্চ তাৰ সমান্তৰালকৈ আমাক সকলোকে প্ৰভাৱিত কৰা সমাজৰ বিষয়সমূহৰ ওপৰত চিন্তা-চৰ্চা আৰু আলোচনাৰ প্ৰেৰণা যোগোৱাটোও আছিল আমাৰ উদ্দেশ্যৰ এক অংশ ।”

কলাক্ষেত্ৰত চৰকাৰী ইনভেষ্টিগেটৰ (ETV Bharat Assam)

নাটকখন ছাত্ৰ-ছাত্ৰী, পেছাদাৰী ব্যক্তিৰ পৰা অৱসৰপ্ৰাপ্তলৈকে সৰ্বমুঠ ১৫ গৰাকী অভিনেতা-অভিনেত্ৰীৰ দ্বাৰা মঞ্চস্থ কৰা হয় । যিয়ে গুৱাহাটী থিয়েটাৰ ছ’চাইটিৰ সৰ্বাংগীন দৃষ্টিভংগী প্ৰদৰ্শন কৰে । গোটটোৰ নিষ্ঠা তেওঁলোকৰ স্পন্দনশীল অভিনয়ত স্পষ্ট হৈ পৰিছিল । যিয়ে দৰ্শকক খুহুটীয়া ৰস প্ৰদানৰ লগতে ব্যংগ নাটকখনৰ অন্তৰ্নিহিত বাৰ্তাসমূহৰ ওপৰত চিন্তা-চৰ্চাকো উৎসাহিত কৰিছিল ।

কলাক্ষেত্ৰত চৰকাৰী ইনভেষ্টিগেটৰ (ETV Bharat Assam)
কলাক্ষেত্ৰত চৰকাৰী ইনভেষ্টিগেটৰ (ETV Bharat Assam)

এই সন্দৰ্ভত শৰ্মাই কয়, “আমাৰ প্ৰতিভাশালী অভিনেতা-অভিনেত্ৰীসকলে অদম্য দায়বদ্ধতাৰে একত্ৰিত হৈ, কঠোৰ পৰিশ্ৰমেৰে সঁচাকৈয়ে এই নাটকখনক জীৱন্ত কৰি তুলিছে ।” তেওঁ নাটখন উপভোগ কৰা সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ।

লগতে পঢ়ক:মিউজিক ফেষ্টিভেলত চপলা গাভৰু হ'বলৈ সাজু মাজুলী

কু-সংস্কাৰৰ বিৰুদ্ধে নতুন অসমীয়া ছবি ‘তমস্বিনী’

ABOUT THE AUTHOR

...view details