চিটাৰা ডেস্ক, ১৩ মাৰ্চ: টিভি অভিনেত্ৰীৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা স্মৃতি ইৰাণীয়ে বৰ্তমান ৰাজনীতিৰ ক্ষেত্ৰতখনত আলোড়নৰ সৃষ্টি কৰিছে । টিভি শ্ব’ ‘Kyunki Saas Bhi Kabhi Bahu Thi’ৰ নিজৰ চৰিত্ৰটোৰে স্মৃতিয়ে প্ৰতি ঘৰে ঘৰে এক সুকীয়া পৰিচয় বনাবলৈ সক্ষম হৈছিল ।
একতা কাপুৰে স্মৃতি ইৰাণীক ৰিজেক্ট কৰিছিল
শেহতীয়াকৈ স্মৃতিয়ে এই টিভি ধাৰাবাহিকখনত কেনেকৈ গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰিছিল সেই বিষয়ে শ্বেয়াৰ কৰিছে । এটা সাক্ষাৎকাৰত হোৱা কথা-বতৰাৰ সময়ত স্মৃতিয়ে নিজৰ কেৰিয়াৰৰ প্ৰথম দিনবোৰৰ কথা মনত পেলাই কয় যে কাম পোৱাৰ পূৰ্বে তেওঁ বহু প্ৰত্যাখ্যানৰ সন্মুখীন হ’বলগীয়া হৈছিল ।
শৰীৰৰ ৰঙৰ বাবে প্ৰত্যাখ্যানৰ সন্মুখীন হৈছিল
প্ৰাৰম্ভিক সংগ্ৰামৰ কথা স্মৰণ কৰি স্মৃতি ইৰাণীয়ে কয় যে একতা কাপুৰে প্ৰথমবাৰৰ বাবে তেওঁক দেখাৰ সময়ত তেওঁক শ্ব’টোৰ বাবে ৰিজেক্ট কৰিছিল । অৱশ্যে পিচলৈ জ্যোতিষী এজনৰ পৰামৰ্শ মতে তেওঁক চহী কৰিছিল । তেওঁ সেই কথা মনত পেলাই কয়, ‘‘মই বহুবাৰ প্ৰত্যাখ্যানৰ সন্মুখীন হ’বলগীয়া হৈছিলো । মোৰ লুক আৰু আনকি মোৰ ৰঙৰ বাবেও মোক বহুবাৰ ৰিজেক্ট কৰা হৈছিল ।’’