অসম

assam

ETV Bharat / entertainment

মঞ্চতে এজন আনজনৰ প্ৰশংসাত পঞ্চমুখ; আপ্লুত উপস্থিত শ্ৰোতা-দৰ্শক - Bihu shows in Assam - BIHU SHOWS IN ASSAM

Bihu shows in Assam : ঐক্য সংঘৰ সৌজন্যত ব’হাগী মেলাৰ মঞ্চত যুৱ প্ৰজন্মৰ দুই কণ্ঠশিল্পী কুসুম কৈলাশ আৰু নীল আকাশৰ যুটীয়া সংগীতানুষ্ঠান ৷ শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে বিহু নাম জুৰি উদ্বোধন কৰে সাংস্কৃতিক অনুষ্ঠানৰ ৷

Kussum Kailash and neel akash perform bihu at bohagi mela organised by oikya sangha in tinsukia
ব’হাগী মেলা (etv bharat assam)

By ETV Bharat Entertainment Team

Published : May 18, 2024, 1:29 PM IST

Updated : May 18, 2024, 1:36 PM IST

কণ্ঠশিল্পী কুসুম কৈলাশ আৰু নীল আকাশৰ সংগীতানুষ্ঠান (etv bharat assam)

তিনিচুকীয়া, ১৮ মে’ :ব’হাগ মাহ শেষ হৈছে যদিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব’হাগী মেলা, ব’হাগী বিদায়ৰ অনুষ্ঠান চলিয়ে আছে ৷ এইবাৰ আকৌ লোকসভাৰ নিৰ্বাচনৰ বাবেই বহু ঠাইত বিহুৰ আয়োজন নহ’ল আৰু বহু ঠাইত পলমকৈ অনুষ্টুপীয়াকৈ আয়োজন কৰা হ’ল । তাৰ মাজতেই তিনিচুকীয়াৰ বিমলা প্ৰসাদ চলিহানগৰ খেলপথাৰত ১৫ আৰু ১৬ মে’ত বিগত বৰ্ষসমূহৰ দৰেই আয়োজন কৰা হয় ঐক্যসংঘৰ সৌজন্যত ঐতিহাসিক ব’হাগীমেলা-২০২৪ ৷ ব’হাগী মেলা-২০২৪ ৰ শেষৰ দিনা সাংস্কৃতিক অনুষ্ঠান তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে এটি বিহুনাম জুৰি শুভ উদ্বোধন কৰে ৷

এই ঐক্য সংঘৰ সৌজন্যত আয়োজন কৰা ব’হাগী মেলাৰ আছে ৰাজ্যত সুকীয়া স্থান ৷ এই ব’হাগী মেলাৰ মঞ্চত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ, পাপনৰ লগতে বিগত বৰ্ষসমূহত ৰাজ্যৰ আৰু বহিঃৰাজ্যৰ বহু জনপ্ৰিয় শিল্পীয়ে সংগীত পৰিৱেশন কৰিছে ৷ এইবাৰ ঐক্য সংঘৰ সৌজন্যত আয়োজন কৰা ব’হাগী মেলা-২০২৪ ত সাংস্কৃতিক অনুষ্ঠান মন্ত্ৰী সঞ্জয় কিষাণে উদ্বোধন কৰাৰ পাচতে অসমৰ যুৱ প্ৰজন্মৰ দুই জনপ্ৰিয় কণ্ঠশিল্পী তথা বন্ধু কুসুম কৈলাশ আৰু নীল আকাশে একেলগে পৰিৱেশন কৰে সংগীতানুষ্ঠান ৷

কণ্ঠশিল্পী কুসুম কৈলাশ আৰু নীল আকাশ (etv bharat assam)

দুয়োজনে মিলি গাই গৈছে ইটোৰ পাচত সিটো জনপ্ৰিয় গান ৷ প্ৰথমে নীল আকাশৰ এটি জনপ্ৰিয় গীত পৰিৱেশন কৰাৰ পাচতে কুসুম কৈলাশৰ ডিস্ক’ ভণ্টি গানটি পৰিৱেশন কৰি উপস্থিত হাজাৰ হাজাৰ জনতাৰ মৰম লাভ কৰিবলৈ সক্ষম হয় দুয়োৱে ৷

দুই বন্ধু নীল আকাশ আৰু কুসুম কৈলাশে গানৰ মাজতে ইজনে সিজনৰ কৰি গ’ল প্ৰশংসা আৰু দুয়োজন যে দুয়োজনৰ বহু মৰমৰ বন্ধু সেয়াও কৈ গ’ল উপস্থিত ৰাইজক ৷ নিশা ৯.৩০ বজাৰ পৰা আৰম্ভ কৰা সাংস্কৃতিক অনুষ্ঠান পুৱা ৫.৩০ বজালৈ চলিল অবিৰতভাৱে ৷ এই ওৰে নিশাজোৰা সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় সাংস্কৃতিক দল জোনবাই বিহু দলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশ, নীল আকাশ, মিৰদ্বীপ, নিতুল দাধৰা, প্ৰিয়ম বৰপাত্ৰগোঁহাই আৰু বিনীতা ৰাগিনীয়ে সংগীতানুষ্ঠান পৰিৱেশন কৰি সকলোকে নচোৱাই তোলে ৷

সমান্তৰালভাৱে সাংস্কৃতিক অনুষ্ঠানৰ প্ৰাকমুহূৰ্তত ঐক্যসংঘৰ সৌজন্যত আয়োজন কৰা ব’হাগী মেলা-২০২৪ৰ উদযাপন সমিতিৰ নিয়ন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হয় লুৰীণজ্যোতি গগৈ, অসম পৰ্যটন বিভাগৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱা, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোঁহাইকে আদি কৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি ।

শেষত ঐক্যসংঘৰ সভাপতি মোবাচ্ছিৰ হাচান, সাধাৰণ সম্পাদক পুলক চেতিয়া, উপদেষ্টা বিনোদ বৰুৱা, ৰুবুল বৰা, ব’হাগী মেলা-২০২৪ ৰ সভাপতি সমৰজ্যোতি গোঁহাই, কাৰ্যকৰী সভাপতি জ্যোতিপ্ৰসাদ দাস, তিলক সাউদ, অনন্ত শৰ্মা আৰু সাধাৰণ সম্পাদকত্ৰয় অনন্ত বৰা, সত্য বৰগোহাঁই, চিন্ময় মৰাণে সমূহ তিনিচুকীয়াবাসী ৰাইজ তথা সাংস্কৃতিক প্ৰেমী ৰাইজক সহায়-সহযোগিতা আগবঢ়াই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আগন্তুক দিনসমূহতো এনেদৰেই সহযোগিতা কামনা কৰে ৷

লগতে পঢ়ক :মাজুলীৰ বিহু অনুষ্ঠানত বিতৰ্ক জৰুৰী নেকি ? - manas robin bihu show in majuli

Last Updated : May 18, 2024, 1:36 PM IST

ABOUT THE AUTHOR

...view details