মৰাণ :প্ৰথমবাৰৰ বাবে অসমীয়া ভাষা ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰি নিৰ্মাণ হ'ব এখন বলিউডৰ ছবি । ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে ডিব্ৰুগড়ত বলিউডৰ ছুপাৰহিট ছবিৰ পৰিচালক অমিত ৰায়ৰ নেতৃত্বত এটা দলে বিগত কেইবাদিন ধৰি বাহৰ পাতি আছে । ডিব্ৰুগড়ৰ বিভিন্ন ঠাইত ছবিখনৰ দৃশ্যগ্ৰহণৰ স্থান পৰিদৰ্শন কৰা পাছত ছবিখনৰ শ্বুটিং শনিবাৰৰ পৰা আৰম্ভ হৈছে ।
ডিব্ৰুগড়ৰ বিভিন্ন ঠাইত বলিউডৰ ছবিৰ জড়িয়তে উজলি উঠিব বিশ্ববাসীৰ সন্মুখত । বলিউদৰ OMG-2ৰ পৰিচালক অমিত ৰায়ৰ নিৰ্দেশনাত নিৰ্মাণ হ'বলগীয়া 'সেনাপতি' নামৰ ছবিখনৰ শ্বুটিঙৰ মহুৰত শনিবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হয় । ডিব্ৰুগড়ৰ আমোলাপট্টিস্থিত ই এণ্ড ডি ক'লনীত মাংগলিক কাৰ্যসূচীৰে দৃশ্যগ্ৰহণৰ শুভাৰম্ভ কৰা হয় । ইয়াৰ পাছতে মোহনাঘাটত আৰম্ভ কৰে ছবিখনৰ প্ৰথমটো দৃশ্যগ্ৰহণ ।
দৃশ্যগ্ৰহণ চাবলৈ ডিব্ৰুগড়ৰ ৰাইজৰ ভিৰ
জাৰ প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হ'বলগীয়া বলিউডৰ ছবিখনৰ শ্বুটিং ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তৰত ২৫ দিন ধৰি চলিব । আনহাতে, ছবিখনৰ বাবে ডিব্ৰুগড়ৰ পৰা ৯৮ শতাংশ কলা-কুশলীক নিৰ্বাচন কৰা হৈছে । তদুপৰি গুৱাহাটীৰ সুলক্ষণা বৰুৱাই অভিনয় কৰিব এই ছবিখনত । অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম আৰু আছাম চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ সহযোগত ডিব্ৰুগড়ত শ্বুটিং চলিছে 'সেনাপতি' নামৰ এই ছবিখনৰ ।
পৰিচালক অমিত ৰায়ে প্ৰকাশ কৰা মতে, এটি শিশু আৰু কুকুৰক কেন্দ্ৰ কৰি ছবিখন নিৰ্মাণ কৰা হৈছে । ডিব্ৰুগড়ত শ্বুটিঙৰ সময়ত ছবিখনৰ প্ৰতিটো দৃশ্যতে ব্যৱহাৰ হ'ব অসমীয়া ভাষা । ইফালে, ছবিখনৰ মহুৰতৰ কাৰ্যসূচীত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে অংশগ্ৰহণ কৰি ছবিখনে সফলতা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে ।
উল্লেখ্য় যে ডিব্ৰুগড়ৰ 'আখৰা ঘৰ'ত ছবিখনৰ বাবে নিৰ্বাচিত অসমীয়া কলা-কুশলীসকলক বিগত কেইবাদিনো প্ৰশিক্ষণ প্ৰদান কৰে পৰিচালকে । ডিব্ৰুগড়ৰ অতি পুৰণি নাট্য প্ৰশিক্ষণ কেন্দ্র 'আখৰা ঘৰ'ৰ ভালেমান নাট্যকৰ্মীয়েও ভুমুকি মাৰিব বলিউডৰ ছবিখনত ।