চিটাৰা ডেস্ক, ২৩ ফেব্ৰুৱাৰী: ২২ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিছে অজয় দেৱগনৰ বহু প্ৰত্যাশিত ছবি ‘চয়তান’ৰ ট্ৰেইলাৰ ৷ ট্ৰেইলাৰ মুক্তিৰ পিচতে ছ’চিয়েল মিডিয়াত সৃষ্টি হৈছে আলোড়নৰ ৷ ছবিখনৰ ট্ৰেইলাৰে মানুহৰ মাজত ইমানেই সমাদৰ লাভ কৰিছে যে দৰ্শকে এতিয়া ছবিখনৰ মুক্তিৰ বাবে ৰৈ থাকিব পৰা নাই ৷
এইখিনিতে উল্লেখ কৰিব লাগিব যে এই ছবিখন ৮ মাৰ্চত ছবিগৃহত মুক্তি লাভ কৰিব ৷ অজয়ৰ সৈতে এই ছবিখনত অভিনয় কৰিছে জ্যোতিকা আৰু আৰ মাধৱনে । ট্ৰেইলাৰটোৰ পৰা অনুমান কৰিব পাৰি যে এইবাৰ নিশ্চিয় কিবা এটা ব্যতিক্ৰম দৃশ্য উপভোগ কৰিব পাৰিব দৰ্শকে ৷
ছবিখনত চয়তানৰ চৰিত্ৰত অভিনয় কৰিছে আৰ মাধৱনে আৰু অভিনেতাগৰাকীক প্ৰথমবাৰৰ এনে এক চৰিত্ৰত দেখা যাব । অজয় দেৱগনে ছবিখনৰ সমগ্ৰ দলৰ সৈতে এই অলৌকিক ছবি চয়তানৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে ।
ইফালে প্ৰচাৰৰ সময়চোৱাত অজয়ে নিজৰ জীৱনৰ সৈতে জড়িত কিছু চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰে । ট্ৰেইলাৰ মুকলি অনুষ্ঠানত অজয়ে কয় যে তেওঁ নিজেও এনে অলৌকিক অভিজ্ঞতাৰ সন্মুখীন হৈছে । কেৰিয়াৰৰ প্ৰাৰম্ভিক দিনকেইটাত এনেধৰণৰ অভিজ্ঞতা লাভ কৰা বুলি কয় অভিনেতাগৰাকীৰ ।
এই সন্দৰ্ভত কি ক’লে অজয় দেৱগনে ?
ট্ৰেইলাৰ মুকলিৰ সময়ত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি অজয় দেৱগনে কয়, "কেৰিয়াৰৰ প্ৰথম ১০-১২ বছৰত মই অলৌকিক শক্তি অনুভৱ কৰিছিলো । সেই অভিজ্ঞতাবোৰৰ লগত কি জড়িত আছিল সেই বিষয়ে মই ক’বলৈ নাযাওঁ, কিন্তু সেইবোৰ যথেষ্ট বিৰক্তিকৰ আছিল ।’’