চিটাৰা ডেস্ক, ১৩ ফেব্ৰুৱাৰী:ৰামপুৰৰ এক স্থানীয় আদালতে অভিনেত্ৰী-ৰাজনীতিবিদ জয়াপ্ৰদাক আটক কৰি ২৭ ফেব্ৰুৱাৰীত আদালতত হাজিৰ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে । জ্যেষ্ঠ আইনী বিষয়া অমৰনাথ তিৱাৰীয়ে কয় যে সপ্তমবাৰৰ বাবে জয়াপ্ৰদাৰ বিৰুদ্ধে নন-বেইলেবল ৱাৰেণ্ট জাৰি কৰাৰ পিচতো সোমবাৰে শুনানিৰ বাবে আদালতত উপস্থিত নহ’ল ।
এতিয়া আদালতে আৰক্ষী আয়ুক্তক বিশেষ দল গঠন কৰি জয়াপ্ৰদাক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰিবলৈ নিৰ্দেশ দিছে । উল্লেখ্য যে, অভিনেত্ৰীগৰাকীক আচৰণ বিধি উলংঘাৰ সৈতে জড়িত দুটা গোচৰত ‘পলাতক’ বুলি কোৱা হৈছে ।
সম্পূৰ্ণ ঘটনাটো কি ?
আচলতে জয়প্ৰদাই ২০১৯ চনত ৰামপুৰৰ পৰা লোকসভা নিৰ্বাচনত বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল ৷ নিৰ্বাচনৰ সময়ত অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি দুটা পৃথক গোচৰ ৰুজু হৈছিল । এই গোচৰসমূহ ৰামপুৰৰ এমপি/এমএলএ আদালতত চলি আছে । কিন্তু নিৰ্ধাৰিত তাৰিখত শুনানিৰ বাবে আদালতত হাজিৰ হোৱা নাছিল জয়াপ্ৰদা, যাৰ বাবে তেওঁৰ বিৰুদ্ধে ইটোৰ পিচত সিটোকৈ জামিনহীন ৱাৰেণ্ট জাৰি কৰা হৈছিল । অৱশ্যে ইয়াৰ পিচতো জয়প্ৰদা আদালতত উপস্থিত নহ’ল ।
জয়প্ৰদাক গ্ৰেপ্তাৰ কৰি আদালতলৈ অনাৰ নিৰ্দেশ