কলিয়াবৰ :আজি ২৪ সংখ্যক সত্ৰীয়া সংস্কৃতি দিৱস । ২০০০ চনৰ আজিৰ দিনটোতেই দীৰ্ঘকালৰ প্ৰচেষ্টাৰ অন্তত তদানীন্তন ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমিৰ অধ্যক্ষ ভাৰত ৰত্ন, সংগীতসূৰ্য ড৹ ভূপেন হাজৰিকাৰ প্ৰত্যক্ষ সহযোগত অসমৰ সত্ৰীয়া নৃত্যই শাস্ত্ৰীয় নৃত্যৰূপে স্বীকৃতি লাভ কৰে ।
এই স্বীকৃতিৰ বাবেই গুৰু দুজনাৰ সৃষ্টি আৰু পৰৱৰ্তী আতাপুৰুষসকলৰ চৰ্চাৰ ফচল সত্ৰীয়া নৃত্যক ব্যাকৰণিক ব্যৱস্থাৰ আওঁতালৈ অনাত সহায়ক হ'ল । পিছলৈ লাহে লাহে সত্ৰীয়া নৃত্যই সৰ্বভাৰতীয় পৰ্যায়তো প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিবলৈ লয় ।
সত্ৰীয়া নৃত্যই ভাৰতৰ অষ্টম শাস্ত্ৰীয় নৃত্যৰূপে স্বীকৃতি লাভ কৰাৰ ক্ষেত্ৰত সংগীতসূৰ্য ড৹ ভূপেন হাজৰিকাৰ প্ৰচেষ্টাক সকলোৱে স্মৰণ কৰে । নৱপ্ৰজন্মৰ মাজত সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসমৰ সত্ৰসমূহৰ বহুকেইটা সংগঠন তথা ব্যক্তি বিশেষে নিৰন্তৰ প্ৰয়াস চলাই আহিছে । কলিয়াবৰত আজি কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ কাৰ্যালয় প্ৰাংগনতো উদযাপন কৰা হয় সত্ৰীয়া সংস্কৃতি দিৱস ।