চিটাৰা ডেস্ক, 15 এপ্ৰিল :দেওবাৰে বলীউডৰ ভাইজান ছলমান খানৰ ঘৰৰ বাহিৰত দুই দুৰ্বৃত্তই গুলীচালনা কৰাৰ ঘটনা তদন্ত অব্যাহত আছে ৷ ইতিমধ্যে এই ঘটনাৰ তদন্তৰ দায়িত্ব মুম্বাইৰ অপৰাধ শাখালৈ স্থানান্তৰ কৰা হৈছে । মুম্বাই আৰক্ষীয়ে এই কথা নিশ্চিত কৰিছে ।
ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ লোকসকলক অৱগত কৰি মুম্বাই আৰক্ষীয়ে কয় যে এই ঘটনা সুপৰিকল্পিতভাৱে পৰিকল্পনা কৰা যেন লাগিছে ৷ কিয়নো অভিযুক্তদুয়োয়ে ঘটনাস্থলীত উপস্থিত হোৱাৰ সময়ত মুখখন হেলমেটেৰে ঢাকি ৰাখিছিল । ঘটনাটোৰ পুংখানুপুংখ তদন্তৰ বাবে অপৰাধ শাখাৰ দহটাতকৈও অধিক দল মোতায়েন কৰা হৈছিল ।
ইফালে দিল্লী আৰক্ষীৰ বিষয়াসকলৰ মতে, বলীউডৰ অভিনেতাগৰাকীৰ বাসগৃহৰ বাহিৰত গুলীচালনা কৰা দুই ব্যক্তিৰ এক অভিযুক্ত গুৰুগ্ৰামৰ বুলি ধাৰণা কৰা হৈছে । বান্দ্ৰা আৰক্ষীৰ এজন বিষয়াই জনোৱা অনুসৰি অস্ত্ৰ আইন আৰু আইপিচি ধাৰা 307 (হত্যাৰ চেষ্টা)ৰ অধীনত আততায়ীদ্বয়ৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে । অভিযুক্তদ্বয়ে মুঠ চাৰি ৰাউণ্ড গুলী চালনা কৰিছিল ৷ ঘটনাস্থলীৰ পৰা এটা সজীৱ কাৰ্ট্ৰিজ উদ্ধাৰ কৰা হৈছিল ।