অসম

assam

ETV Bharat / entertainment

গেলেক্সিত গুলীচালনা; জেলতে মৃত্যু গুলীচালনাকাৰীৰ : হত্যা নে আত্মহত্যা ? - Salman Khan House Firing - SALMAN KHAN HOUSE FIRING

Salman Khan House Firing: ছলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনাৰ অভিযোগত অভিযুক্ত হৈ আৰক্ষীৰ জিম্মাত ‘আত্মহত্যা’ কৰা অনুজ থাপনৰ পৰিয়ালে তেওঁক আৰক্ষীয়ে ‘হত্যা’ কৰাৰ অভিযোগ উত্থাপন কৰিছে । লগতে পৰিয়ালৰ লোকে তেওঁৰ মৰণোত্তৰ পৰীক্ষা মুম্বাইৰ বাহিৰত কৰিবলৈও দাবী জনাইছে ।

Salman Khan House Firing: Family of Deceased Accused Alleges Foul Play, Demands Justice
কি সঁচা কি মিছা ?

By ETV Bharat Assamese Team

Published : May 2, 2024, 1:24 PM IST

চিটাৰা ডেস্ক, 2 মে’ : কঠোৰ নিৰাপত্তাৰ পিচতো অলপতে বলীউডৰ ভাইজান ছলমানৰ খানৰ ঘৰৰ বাহিৰত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল ৷ আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত চাৰিজনক গ্ৰেপ্তাৰ কৰে ৷ তাৰে এজনে কালি জেলতে আত্মহত্যা কৰে বুলি বাতৰি প্ৰকাশ পায় ৷ এতিয়া গুলীচালনাৰ অভিযোগত মৃত অভিযুক্তৰ পৰিয়ালে দাবী কৰিছে যে তেওঁ আত্মহত্যা কৰিব নোৱাৰে ৷

তেওঁক জেলৰ ভিতৰত হত্যা কৰা হৈছে ৷ পৰিয়ালৰ লোকে মৰণোত্তৰ পৰীক্ষা মুম্বাইৰ বাহিৰত কৰিবলৈও দাবী জনাইছে । মৃত অভিযুক্তৰ ভাতৃ অভিষেক থাপনে মন্তব্য কৰে যে, অনুজ থাপনে আত্মহত্যা কৰিব নোৱাৰে ৷ এই ঘটনাৰ ন্যায় বিচাৰিছে অভিষেকে ৷

এটা সংবাদ সংস্থাক দিয়া এক বিবৃতিত অভিষেকে উল্লেখ কৰিছে যে অনুজক ৬-৭ দিন পূৰ্বে মুম্বাই আৰক্ষীয়ে সাংগুৰুৰ পৰা আটক কৰিছিল । তেওঁ কয়- "আজি অনুজে আত্মহত্যা কৰাৰ খবৰ পাইছো । আত্মহত্যা কৰা ধৰণৰ মানুহ তেওঁ নাছিল । পুলিচে তেওঁক হত্যা কৰিছে । আমি ন্যায় বিচাৰো । তেওঁ ট্ৰাক হেল্পাৰ হিচাপে কাম কৰিছিল ।"

মৃতকৰ গাঁৱৰ গাঁওবুঢ়া মনোজ গোদাৰাই এই গোচৰৰ ওপৰত সন্দেহ প্ৰকাশ কৰি দাবী কৰে যে অভিযুক্তজন কেৱল এজন সাধাৰণ শ্ৰমিক আছিল আৰু তেওঁৰ মৃত্যুক আত্মহত্যা হিচাপে ৰূপ দিয়া হৈছে ৷ এটা সংবাদ সংস্থাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত গোদাৰাই কয়, ‘‘এই গোচৰটো আৰম্ভণিৰে পৰাই সন্দেহজনক । দুজন ভাতৃ, এগৰাকী ভগ্নী আৰু এগৰাকী মাতৃৰ সৈতে তেওঁৰ আছিল তেনেই এটা সাধাৰণ পৰিয়াল । পিতৃহাৰা অনুজে ট্ৰাক চালকৰ সহায়ক হিচাপে কাম কৰিছিল...পঞ্চায়তক সতৰ্ক নকৰাকৈয়ে তেওঁক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । পৰিয়ালটোক ১-২ দিনৰ পিচতহে জনোৱা হৈছিল আৰু আমি সকলোৱে জানো যে আৰক্ষীৰ জিম্মা কিমান নিৰাপদ ।"

তেওঁ দাবী কৰে, "এফালে ছলমান খান আৰু আনফালে শ্ৰমিক । হেঁচাত পৰি তেওঁলোকে তেওঁক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিছে ।" ইয়াৰ পূৰ্বে মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি থাপনে আত্মহত্যাৰ চেষ্টা চলোৱাৰ পিচত তেওঁক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত তেওঁক মৃত বুলি ঘোষণা কৰা হয় ।

উল্লেখ্য যে, অভিনেতা ছলমান খানৰ মুম্বাইস্থিত ঘৰৰ বাহিৰত শ্বুটিংৰ লগত জড়িত অস্ত্ৰ যোগানকাৰীৰ ভিতৰত অনুজ আছিল অন্যতম । আৰক্ষীৰ তথ্য অনুসৰি অনুজ থাপনৰ আত্মহত্যাৰ তদন্ত অব্যাহত ৰাখিছে ৰাজ্যৰ চি আই ডিয়ে । থাপনৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা মুম্বাইৰ বাহিৰত কৰিবলৈ দাবী জনাইছে গাঁওবুঢ়াই ।

গোডাৰাই উল্লেখ কৰে, "পৰিয়ালে ন্যায়ৰ দাবী কৰিছে । যিহেতু ছলমান খানৰ মুম্বাইত ক্ষমতা আছে, সেয়েহে তেওঁৰ মৰণোত্তৰ পৰীক্ষা ৰাজ্যৰ বাহিৰত হ’ব লাগে ।” ঘটনাটো 14 এপ্ৰিলৰ ৰাতিপুৱাৰ ৷ দুটা ল'ৰাই মটৰচাইকেলত আহি ছলমান খানৰ গেলেক্সি এপাৰ্টমেণ্টৰ বাহিৰত চাৰি ৰাউণ্ড গুলীচালনা কৰিছিল ।

মুম্বাই অপৰাধ আৰক্ষীয়ে দুয়োজন শ্বুটাৰৰ লগতে দুয়োজন অস্ত্ৰ সৰবৰাহকাৰীকো আটক কৰে । ইফালে ৱাণ্টেড গেংষ্টাৰ লৰেন্স বিষ্ণৈ আৰু সৰু ভায়েক অনমোল বিষ্ণৈ এই ঘটনাত জড়িত থকাৰ সন্দেহ কৰা হৈছে ৷

লগতে পঢ়ক :আৰক্ষীৰ জিম্মাত আত্মহত্যাৰ চেষ্টা অভিযুক্তৰ, চিকিৎসালয়ত মৃত্যু - Salman Khan House Firing Case

ABOUT THE AUTHOR

...view details