অসম

assam

ETV Bharat / entertainment

আৰক্ষীৰ জিম্মাত আত্মহত্যাৰ চেষ্টা অভিযুক্তৰ, চিকিৎসালয়ত মৃত্যু - Salman Khan House Firing Case - SALMAN KHAN HOUSE FIRING CASE

Salman Khan House Firing Case : বলীউডৰ অভিনেতা ছলমান খানৰ বাসগৃহত গুলীচালনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা এজন অভিযুক্তই বুধবাৰে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ লক-আপত আত্মহত্যাৰ চেষ্টা চলাই চিকিৎসালয়ত মৃত্যুক সাৱটি লয় ।

Salman Khan House Firing Case Accused Anuj Thapan attempts suicide in Police Custody Dies
অভিনেতা ছলমান খানৰ বাসগৃহত গুলীচালনাৰ ঘটনা

By ETV Bharat Assamese Team

Published : May 1, 2024, 5:14 PM IST

চিটাৰা ডেস্ক, 1 মে’:বিগত মাহত মুম্বাইত বলীউড অভিনেতা ছলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনাৰ গোচৰত আটক হোৱা এজন অভিযুক্তই আৰক্ষীৰ জিম্মাত আত্মহত্যাৰ চেষ্টা চলাই বুধবাৰে চিকিৎসালয়তে মৃত্যুক সাৱটি লয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে ।

মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ লক-আপত ৩২ বছৰীয়া অনুজ থাপনে আত্মহত্যাৰ চেষ্টা চলাই বুলি বিষয়াসকলে জানিবলৈ দিয়ে । লগে লগে তেওঁক আৰক্ষী আয়ুক্তৰ গাতে লাগি থকা জিটি হাস্পতালত ভৰ্তি কৰোৱা হয় আৰু তাতেই তেওঁৰ মৃত্যু হয় বুলি মুম্বাইৰ এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে । দক্ষিণ মুম্বাইৰ আজাদ মৈদান থানাত আকস্মিক মৃত্যুৰ গোচৰ ৰুজু কৰা হ’ব ।

অভিযুক্ত বিকি গুপ্তা (২৪), সাগৰ পাল (২১) আৰু অনুজ থাপানক এখন বিশেষ এম চি অ’ চি এ (মহাৰাষ্ট্ৰ সংগঠিত অপৰাধ নিয়ন্ত্ৰণ আইন) আদালতে ৮ মে’লৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল । চতুৰ্থ অভিযুক্ত সোণকুমাৰ বিষ্ণৈক (৩৭) চিকিৎসাৰ ভিত্তিত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় । থাপন আৰু বিষ্ণৈৱে গুলীচালনা কৰিবলৈ সাগৰ পাল আৰু বিকি গুপ্তাক দুটাকৈ পিষ্টল যোগান ধৰা বুলি অভিযোগ উঠিছে ।

যোৱা ১৪ এপ্ৰিলৰ পুৱা ছলমান খানৰ মুম্বাইৰ বান্দ্ৰাৰ গেলেক্সী এপাৰ্টমেণ্টৰ বাহিৰত দুজন লোকে চাৰি ৰাউণ্ড গুলীচালনা কৰিছিল ৷ ইয়াৰ পিচতে আৰক্ষীয়ে গুজৰাটৰ পৰা বিকি গুপ্তা আৰু সাগৰ পালৰ লগতে পঞ্জাৱৰ পৰা বন্দুক যোগানকাৰী সোণকুমাৰ বিষ্ণৈ আৰু অনুজ থাপনক আটক কৰে । সোমবাৰে মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই গুপ্তা, পাল, থাপনক আদালতত হাজিৰ কৰেৱাই আৰু তেওঁলোকক ৮ মে’লৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ।

আহমেদাবাদৰ সবৰমতী কেন্দ্ৰীয় কাৰাগাৰত থকা লৰেঞ্চ বিষ্ণৈ আৰু তেওঁৰ সৰু ভায়েক অনমোল, যি আমেৰিকা যুক্তৰাষ্ট্ৰ বা কানাডাত আছে বুলি সন্দেহ কৰা হয়, এই গোচৰটোৰ সৈতে জড়িত আছে বুলি সন্দেহ কৰা হৈছে । অনমোলে এটা ফেচবুক পোষ্টত গুলীচালনাৰ দায়িত্ব স্বীকাৰ কৰিছিল, কিন্তু ইয়াৰ আইপি ঠিকনা পৰ্তুগালৰ সৈতে সংযুক্ত আছিল বুলি কৰ্তৃপক্ষই জনায় ।

লগতে পঢ়ক :ক’লা হৰিণা কাণ্ডই শান্তিত শুৱ নিদিব নেকি ভাইজানক ? - Salman Khan House Firing

ABOUT THE AUTHOR

...view details