হায়দৰাবাদ : মুম্বাই আৰক্ষীয়ে বলীউড অভিনেতা ছৈফ আলী খানৰ ভাষ্য লিপিবদ্ধ কৰিছে । যোৱা সপ্তাহৰ ১৬ জানুৱাৰীত বান্দ্ৰাত থকা তেওঁৰ বাসগৃহত এজন বাংলাদেশী নাগৰিকে ছৈফক ছুৰীকাঘাত কৰে, সেই সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মুখ খুলিছে ছৈফে । বিষয়াসকলে শুকুৰবাৰে এই তথ্য জানিবলৈ দিয়ে ।
আইন শৃংখলা বিভাগৰ যুটীয়া আৰক্ষী আয়ুক্ত সত্যনাৰায়ণ চৌধুৰীৰ মতে, অভিনেতা ছৈফ আলী খানৰ বক্তব্য বৃহস্পতিবাৰে তেওঁৰ বাসগৃহ ‘‘সতগুৰু শৰণ’’ত লিপিবদ্ধ কৰা হয় । আইএনএছৰ তথ্য অনুসৰি, ছৈফ আলী খানে এই ঘটনা মনত পেলাই কয় যে তেওঁ আৰু তেওঁৰ পত্নী কৰীণা কাপুৰ খান সতগুৰু শৰণ বিল্ডিঙৰ একাদশ মহলাত থকা তেওঁলোকৰ শোৱনি কোঠাত আছিল । তেতিয়াই তেওঁলোকে সৰু ল’ৰা জাহাংগীৰৰ (জেহ) নেনীৰ চিঞৰ শুনিলে । চিঞৰ শুনি দুয়ো পুত্ৰৰ কোঠালৈ যায় আৰু তাতেই আক্ৰমণকাৰীক দেখা পায় ৷
এলিয়ামা ফিলিপে ভয় খাই চিঞৰি উঠিছিল-ছৈফ আলী খান
ছৈফ আলী খানে আৰক্ষীক জনোৱা মতে, নেনী এলিয়ামা ফিলিপে ভয় খাই চিঞৰি উঠিছিল । জেহৰ কোঠালৈ গৈ তেওঁলোকে দেখে যে জেহে কান্দি আছে । নেনীয়ে কয় আক্ৰমণকাৰীয়ে ১ কোটি টকা দাবী কৰিছে ।
আৰক্ষী সূত্ৰই জনোৱা মতে, অভিনেতাজনে অভিযুক্তটোক ৰখাবলৈ চেষ্টা কৰিছিল যদিও ছৈফৰ পিঠি, ডিঙি আৰু হাতত বহুবাৰ ছুৰীৰে আঘাত কৰে অভিযুক্তটোৱে । এই আক্ৰমণৰ পিছত অভিনেতাজনক লগে লগে লীলাৱতী চিকিৎসালয়লৈ লৈ যোৱা হয় ।
ঘৰত অচিনাকি মানুহ দেখি ভয় খাইছিল ছৈফ আলী খানৰ পৰিয়ালে
সূত্ৰই জনোৱা মতে, আহত হোৱাৰ পিছতো অভিনেতাজনে অনুপ্ৰৱেশকাৰীক কোঠাটোৰ ভিতৰলৈ ঠেলি দিয়ে । এই সময়তে জেহৰ লগত নেনী দৌৰি ওলাই আহে । সূত্ৰই আৰু জনোৱা মতে, ছৈফে কয় যে অচিনাকি মানুহজনক দেখাৰ পিছত সকলোৱে ভয় খাইছিল যদিও তেওঁলোকে তেওঁক ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল । অভিনেতাজনৰ ঘৰত চোৰে প্ৰৱেশ কৰাৰ সময়ত ছৈফ আলী খান পত্নী কৰীণা আৰু দুই পুত্ৰ জেহ আৰু টাইমূৰৰ সৈতে ঘৰতে আছিল ।