চিটাৰা ডেস্ক, 30 ছেপ্টেম্বৰ : দক্ষিণৰ চুপাৰষ্টাৰ ৰাম চৰণ হৈছে লণ্ডনৰ মাডাম টুছ্য’ ৱাক্স মিউজিয়ামত মমৰ মূৰ্তিৰ বাবে বাছনি কৰা শেহতীয়া ভাৰতীয় চেলেব্ৰিটী । এই সপ্তাহান্তত আবু ধাবিত অনুষ্ঠিত আন্তৰ্জাতিক ভাৰতীয় চলচ্চিত্ৰ একাডেমী (আইফা) বঁটা 2024 ৰ সময়ত সংগ্ৰহালয়টোৱে এটা বিশেষ ভিডিঅ'ৰ জৰিয়তে এই কথা ঘোষণা কৰিছে । ৰামৰ পোহনীয়া কুকুৰ ৰাইমেও ছুপাৰষ্টাৰজনৰ সৈতে মিউজিয়ামত ঠাই পাইছে ।
ৰাম চৰণৰ অফিচিয়েল ভিডিঅ’ মুকলি কৰা পাছতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ভিডিঅ'টোত ৰাম চৰণে নিজৰ পৰিচয় দিওঁতে মাডাম টুছ্য’ পৰিয়ালত যোগদান কৰি সুখ প্ৰকাশ কৰিছে ৷ ভিডিঅ'টোত ৰাম চৰণে কৈছে, “নমস্কাৰ সকলোকে, মই ৰাম চৰণ, মাডাম টুছ্য’ পৰিয়ালত যোগদান কৰি মই নিজকে বহুত সন্মানিত অনুভৱ কৰিছো । অতি সোনকালে ইয়াৰ উন্মোচন কৰা হ’ব । মাডাম টুছ্য’ৰ মোৰ মমৰ মূৰ্তিটোৰ জৰিয়তে আপোনালোক সকলোৰে ওচৰ চাপিবলৈ আগ্ৰহী ।”
ভিডিঅ’টো আৰম্ভ হৈছে মাডাম টুছ্য’ৰ এটা কিটৰ পৰা । ৰাম চৰণে নিজৰ পোহনীয়া কুকুৰ ৰাইমক এটা কোঠালৈ লৈ যায়, য’ত তেওঁ মাডাম টুছ্য’ৰ দলটোক লগ পায় । ইয়াৰ মাজতে গেম চেঞ্জাৰৰ অভিনেতাগৰাকীয়ে নিজৰ কুকুৰৰ সৈতে খেলা দেখা যায় । মমৰ মূৰ্তিটোৰ বাবে ফটোশ্বুট কৰাও দেখা যায় । ক্লিপটোত মাডাম টুছ্য’ৰ দলটোৱে ৰাম চৰণ আৰু ৰাইমৰ জোখ লোৱা দেখা গৈছে । এই ভিডিঅ'টোৰ পিছত অনুৰাগীসকল অতিশয় উৎসাহিত হৈ পৰিছে ৰাম চৰণৰ মমৰ প্ৰতিমূৰ্তিৰ আভাস পাবলৈ ।